বছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল ছাত্ৰসকলৰ বাবে এখন নতুন আঁচনি। ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’(Nijut Babu Scheme)ৰ জৰিয়তে স্নাতক পৰ্যায়ৰ ছাত্ৰসকলক বছৰি ১০ হাজাৰ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰৰ বাবে ২০ হাজাৰ টকা (Rs 20,000/-)কৈ জলপানি ঘোষণা কৰিছিল। ছাত্রীসকলৰ বাবে নিযুত মইনা আঁচনিৰ পিছত ছাত্ৰসকলৰ বাবে এই নিযুত বাবু আঁচনিৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। এইবাৰ ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে নিযুত বাবু আঁচনিৰ বাবে চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ চৰ্ত :
- স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্রসকলৰ পৰিয়াল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
- পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখতকৈ অধিক হ’ব নোৱাৰিব।
- আবেদনকাৰী স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ’ব লাগিব।
- শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতি, শৈক্ষিক আচৰণ আৰু অধ্যাপক, কৰ্মচাৰী আৰু সহযোগীৰ প্ৰতি সন্মানজনক আচৰণক গুৰুত্ব দিয়া হ’ব।
- বিবাহিত ছাত্ৰই এই আঁচনিৰ সুবিধা নাপাব।
- বাণীকান্ত কাকতি বঁটা লাভ কৰা স্নাতক পৰ্যায়ৰ ছাত্ৰই এই আঁচনিৰ সুবিধা নাপাব।
- মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰই এই আঁচনিৰ সুবিধা নাপাব।
- অসৎ আচৰণ, অনুশাসনহীনতা, প্ৰতাৰণা, ৰেগিং বা অন্য অগ্ৰহণযোগ্য আচৰণ কৰা ছাত্ৰই ইয়াৰ সুবিধা নাপাব।
- স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিজন যোগ্য ছাত্ৰই মাহে এহাজাৰকৈ বছৰত দহ মাহৰ বাবে ১০ হাজাৰ টকা লাভ কৰিব।
- স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিজন যোগ্য ছাত্ৰই মাহত ২ হাজাৰ টকাকৈ একেদৰে ১০ মাহৰ বাবে ২০ হাজাৰ টকা লাভ কৰিব।


