অসম ৰাইফলছৰ লখৰা বেটেলিয়নৰ উদ্যোগত অষ্টম আন্তৰ্জাতিক যোগ দিৱস উদযাপন

অসম ৰাইফলছৰ লখৰা বেটেলিয়নৰ উদ্যোগত অষ্টম আন্তৰ্জাতিক যোগ দিৱস উদযাপন ::

বিশ্বনাথ চাৰিআলি 21 জুন ::

অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় 21 চেক্টৰৰ অধিনত অসম ৰাইফলছৰ লখৰা বেটেলিয়ন আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছে (পূব)ৰ উদ্যোগত মঙলবাৰে শোনিতপুৰ জিলাৰ লখৰা, ঢেকিয়াজুলি, ডুমডুমা আৰু বিশ্বনাথ জিলাৰ হেলেম বালিপুখৰী, ইটাখোলাকে ধৰি বিভিন্ন স্থানত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে। আৰম্ভণিতে এটি ৰাষ্ট্ৰীয় সংগীত জড়িয়তে আৰম্ভ হোৱা যোগ কাৰ্যসূচীত বিভিন্ন যোগ আসন আৰু ধ্যান সম্পন্ন কৰে অসম ৰাইফলছ জোৱান সকলে।


আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ পোনপটীয়া ভাষণও অসম ৰাইফলছৰ বেটেলিয়নৰ দ্বাৰা প্ৰদৰ্শিত আৰু প্ৰত্যক্ষ কৰা হয়।
উৎসৱটোত ৪৮২ জন কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলে অংশগ্ৰহণ কৰে এই আন্তৰ্জাতিক যোগ দিৱসৰ অনুষ্ঠানত। আনহা

তে শোনিতপুৰ আৰু বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত লখৰা অসম ৰাইফলছ বেটেলিয়নে আয়োজন কৰা যোগ দিৱসত মুঠ ৫৪ জন অসামৰিক লোকেও অংশগ্ৰহণ কৰে বুলি এক প্ৰেছ বিবৃতি জড়িয়তে জানিবলৈ দিয়ে শোণিতপুৰ লখৰা অসম ৰাইফলছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*