● গুৱাহাটীৰ জালুকবাৰীৰ সমীপৰ পশ্চিম বৰাগাঁওস্থিত সদৌ অসম কেওট সন্মিলনৰ ৰাজ্যিক কাৰ্যালয়ত আজি এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়। প্ৰতিনিধি সভাত সদৌ অসম কেওট সন্মিলনৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি জয়ন্ত ঠাকুৰীয়া আৰু প্ৰধান সম্পাদক ব্ৰজেন কাকতি সমন্বিতে বিভিন্ন বিষয়ববীয়া আৰু সন্মিলনৰ বিভিন্ন জিলা কমিটিসমুহে সমূহীয়াকৈ সদৌ অসম কেওট সন্মিলন ত্যাগ কৰে আৰু উপস্থিত সদস্যসকলে নতুনকৈ “সদৌ অসম কেওট জাতীয় সন্মিলন”ৰ জন্ম দিয়ে। সদৌ অসম কেওট সন্মিলনত চলি থকা চৰম অৰাজক পৰিস্থিতিৰ বাবে সন্মিলনত্যাগী সদস্যসকলে এই পদক্ষেপ হাতত ল’বলৈ বাধ্য হয়। অসমৰ কেওট জনগোষ্ঠীৰ লোকসকলৰ অনুসূচিত জাতিৰ মৰ্যদা প্ৰাপ্তিৰ যুঁজখনক সঁচা অৰ্থত আগুৱাই নিয়াৰ স্বাৰ্থতেই গঠিত হয় “সদৌ অসম কেওট জাতীয় সন্মিলন”। সন্মিলন ত্যাগী সভাপতি জয়ন্ত ঠাকুৰীয়াকে পুনৰ সভাপতি আৰু ব্ৰজেন কাকতিক পুনৰ সম্পাদক হিচাপে লৈ ‘সদৌ অসম কেওট জাতীয় সন্মিলন’ৰ ১১ জনীয়া কমিটি এখন গঠন কৰা হয়।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg