31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    নতুন বছৰত অগপৰ সংকল্পঃ “গাৱেঁ গাৱেঁ অগপ, চহৰে নগৰে অগপ” – শীৰ্ষক কাৰ্য্যসূচী

    নতুন বছৰটো “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিব অগপই
    সন্মুখত ইংৰাজী নৱবৰ্ষ-২০২৫। এই শুভক্ষণত অসমৰ সমূহ ৰাইজলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই। নতুন বছৰটোৱে প্ৰতিখন ঘৰলৈ, প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ সুখ-শান্তি-সমৃদ্ধি কঢ়িয়াই আনক, জাতি, জনগোষ্ঠী, ধৰ্ম, ভাষা নিৰ্বিশেষে অসমবাসীৰ মাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক শক্তিশালী হওক। দশোদিশে ইতিবাচকতা আৰু বিকাশৰ বৰ্ষ হওক ২০২৫! – এই আশা ব্যক্ত কৰিছে সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই।
    প্ৰতিটো নতুন বছৰৰ প্ৰাকক্ষণত অসম গণ পৰিষদে নতুন সংকল্পৰে সেয়া বাস্তৱায়িত কৰি আহিছে। এইবাৰো নতুন সংকল্পৰে বছৰটোক আদৰিব বিচাৰিছোঁ – আজি অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্য্যলয়ত হোৱা সাংবাদিকৰে হোৱা এক মতবিনিময় অনুষ্ঠানত এই কথা প্ৰকাশ কৰিছে সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই। সভাই কয় যে, আমাৰ লক্ষ্য- ২০২৫ বৰ্ষৰ আৰম্ভণিৰে পৰা ব্যাপক কৰ্মসূচীৰে ৰাজ্যখনত প্ৰগতিশীল আঞ্চলিকতাবাদৰ ধাৰাটোক অধিক সবল ৰূপ প্ৰদান কৰা। ‘গাঁৱে গাঁৱে অগপ, চহৰে নগৰে অগপ’– শীৰ্ষক বছৰজোৰা এক অভিযানৰ আমি পৰিকল্পনা কৰিছোঁ। উদ্দেশ্যে এটাই – অসমৰ সকলো ৰাইজৰ কাষলৈ গৈ আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলক অধিক শক্তি প্ৰদান কৰা। সভাপতি বৰাই কয় যে, অসম গণ পৰিষদ দলে আগন্তুক বছৰটোক “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সময়ছোৱাত ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাতৃভাষাৰ বিকাশৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়, একতা আৰু সদভাৱ ৰক্ষা কৰাটো অসম গণ পৰিষদ দলৰ মূল লক্ষ্য হ’ব। বৰাই লগতে কয় যে, সময়ে সত্য প্ৰতিষ্ঠা কৰে, বৰ্তমানৰ সময়ে স্পষ্ট কৰি দেখুৱাইছে যে, অসমত আঞ্চলিকবাদ সদায় প্ৰাসংগিক। অসম গণ পৰিষদ দল আঞ্চলিকতাবাদৰ ধ্বজাবাহী হিচাপে অসমৰ ৰাইজৰ কাষত থাকি কাম কৰি যাবলৈ বদ্ধপৰিকাৰ। ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ এই যাত্ৰা অধিক ত্বৰান্বিত কৰাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব অগপই।
    অনুষ্ঠানত সভাপতি অতুল বৰাই কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি ৰাজ্যখনে উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যৎ আৰু উন্নয়নৰ নতুন মাত্ৰা প্ৰদান কৰাটো হ’ব অসম গণ পৰিষদ দলৰ অন্যতম দায়বদ্ধতা। ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ দ্বাৰা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলে নিজৰ দায়বদ্ধতা সদায় দোহাৰি আহিছে। অসম চৰকাৰে ইতিমধ্যে অসম চুক্তি ৰূপায়ণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২৫ বৰ্ষটো আমাৰ ৰাজ্যবাসীৰ বাবে আৰু আমাৰ দলৰ বাবেও বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি সভাপতি গৰাকীয়ে মন্তব্য কৰি কয় যে, কিয়নো এই বছৰটোতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত চৰকাৰে ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ কাম হাতে কামে আগুৱাই নিয়াৰ প্ৰস্তুতি চলাইছে। বিশেষকৈ চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শাৱলীৰ ৰাজ্য চৰকাৰৰ অধীনষ্ঠ বিষয়সমূহ ক্ষীপ্ৰ গতিৰে কাৰ্য্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু যি কেইটা পৰামৰ্শাৱলী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে কাৰ্য্যকৰী কৰিব লাগিব আৰু যি কেইটা বিষয় কেৱল কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব সেইকেইটা বিষয়ো কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যোগ গ্ৰহণ কৰিছে। অসমবাসীৰ ছবছৰজোৰা ঐক্যবদ্ধ গণ সংগ্ৰামৰ স্বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ অসম গণ পৰিষদ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল যাৰ শিপাৰ বিস্তৃতি সমগ্ৰ ৰাজ্যব্যাপি। ইয়াক সাৰ-পানী দি অধিক শক্তিশালী ৰূপ দিবলৈ প্ৰতিগৰাকী দলীয় সদস্যৰ লগতে অসমবাসী ৰাইজক সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই আহ্বান জনাইছে আৰু আগন্তুক নতুন বৰ্ষটো অসমৰ সৰ্বাঙ্গীন বিকাশৰ স্বাৰ্থত কাম কৰি যাবলৈ অসমবাসীৰ মৰম, আশীষ আৰু সহযোগিতা বিচাৰিছো। অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, সুনীল ডেকা, ড০ তপন দাস, উপ-সভাপতি কৰ্ণমোহন ৰায়, ড০ জয়নাথ শৰ্মা, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, এলেক্স চাংমা, বিত্ত সম্পাদক জয়ন্ত খাউণ্ডকে ধৰি বহুকেইগৰাকী দলীয় শীৰ্ষ নেতা উপস্থিত থাকে।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds