শেহতীয়া আপডেটঃ

বিশ্বনাথত হিন্দু সকলৰ অন্যতম প্ৰাচীন উৎসৱ  ষট পূজা পালন:

বিশ্বনাথত হিন্দু সকলৰ অন্যতম প্ৰাচীন উৎসৱ  ষট পূজা পালন:
অসম খবৰ বিশ্বনাথ চাৰিআলি ২৭ অক্টোবৰ ::
দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো ষট পূজাৰ  পালন কৰা হয় দ্বিতীয় দিন।বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ, গহপুৰ সমষ্টিৰ,বিশ্বনাথ সমষ্টিৰ লগতে চতিয়া সমষ্টিৰ লগতেবিশ্বনাথ চাৰিআলি  ফলফলীৰ শনি মন্দিৰ  প্ৰাংগণৰ পুখুৰী  পাৰতো  ষট পূজাৰ  পালন কৰে।
 দেওবাৰৰ পৰা  আৰম্ভ হোৱা এই ষট পূজা আচলতে তিনি দিনিয়াকৈ পালন  কৰা হয়।প্ৰথম দিনা খৰণা দ্বিতীয় দিন  অৰ্থাৎ  সোমবাৰে বিয়লি ৩ বজাত  আৰ্য পালন কৰা হয় যদিও মঙ্গলবাৰে  পুৱতি নিশা ২ বজাৰ পৰা পূৱা ৬ বজাৰ অৰ্থাৎ সূৰ্য্য উলোৱা লগে লগে এই পূজা অন্ত পৰিব। এই পূজাৰ বাবে বিশেষত বিভিন্ন ফল মূল শাক পাচলি পূজাৰ সামগ্রী ব্যৱহাৰ কৰা হয়। ইফালে এই পূজা  বিশ্বনাথ  জিলা খনৰ  গুপ্তকাশী বিশ্বনাথঘাটৰ
ব্ৰহ্মপুত্ৰ নদীৰ পাৰত , বৰগাং নদী, বুৰৈ নদী, গহপুৰ, চতিয়া নদী ঘাটকে ধৰি  বিভিন্ন  পুখুৰী পাৰত উদোক্তা সকলে সুন্দৰকৈ পূজাঘাট চাফা কৰি বেদী নিৰ্মাণ কৰি নদীৰ পাৰ আদিও পৰিষ্কাৰ কৰি লৈ লগতে কল পুলি ৰোপণ কৰি সুন্দৰকৈ  সজাই পৰাই  নদী ঘাট পুখুৰী  সমূহ পাৰত ষট পূজা পালন কৰে।
বিশেষকৈ এই পূজা
সূৰ্য দেৱতাৰ পূজা অৰ্চনাৰ বাবে এটা আটক ধুনীয়া বেদী নিৰ্মাণ কৰি লৈছে। বিশেষকৈ প্ৰাচীন হিন্দু উৎসৱ হিচাপে ভাৰতীয় সমাজৰ পৰিচিত হৈ আহিছে এই ষট পূজা ।এই ষট পূজাত সূৰ্য আৰু ছটি মাইক বিশেষ ভাৱে পূজা কৰা হয়।
এই পূজা কাতি মাহৰ শুক্ল পক্ষৰ ষট দিনটোত পালন কৰা হয়। কিন্তু এই  ষট পূজাৰ আছে বহু বিশেষত্ব। অতীতৰে পৰা পালন কৰি ষট পূজাত বিশেষ ভাৱে পৰিয়ালৰ ম‌ংগলৰ বাবে সূৰ্য দেৱতাৰ ওচৰত পূজা কৰা দেখা যায়। দেশৰ বিভিন্ন প্ৰাপ্তৰ যেনে, বিহাৰ ,ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ  বিভিন্ন স্থানত এই উৎসৱৰ বিশেষ প্ৰসাৰতা আছে যদিও সমান্তৰাল ভাৱে অসমতো ইয়াৰ প্ৰসাৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ এই পূজা বিহাৰি সম্প্ৰদায়ৰ কে ধৰি বহু হিন্দু  ধৰ্মপ্ৰাণ লোক সকলে পালন কৰি আহিছে আৰু  সোমবাৰে ৩ বজাৰ পৰা সন্ধিয়ালৈকে সূৰ্য্য দেৱতাক প্ৰণাম জনাই ষট পূজা উদযাপন কৰা হয়।
ইফালে এই ষট পূজা পূৰ্বৰ তুলনাত এইবাৰ একেবাৰে  সাধাৰণ ভাৱে আয়োজন কৰা হৈছে বুলি মন্তব্য কৰে বিশ্বনাথ চাৰিআলি ফলফলী ষট পূজা  উদোক্তা “ৰামু প্ৰসাদ চাহুয়ে।
 চাহুয়ে কয় যে, আমি প্ৰতি বছৰে ষট পূজা বিশ্বনাথ চাৰিআলি শনি মন্দিৰ চৌহদত থকা এই পুখুৰী পাৰতে অঞ্চলটোৰ প্ৰায় শতাধিক লোকে পালন কৰোঁ  যিহেতু আমাৰ ওচৰত তেনেকুৱা  নদী নাই আৰু নদীলৈ বহু  দূৰ তাৰ বাবে আমি এই পুখুৰী পাৰতে ষট পূজা পালন কৰি আহিছোঁ। এই তিনিদিয়া পূজাৰ ইতিমধ্যেই দেওবাৰে খৰণা  হৈ গৈছে সোমবাৰে  বিয়লি ৩ বজাত আৰ্য হ’ব। আনহাতে মংগলবাৰে পুৱতি নিশা ২ বজৰা পৰ   পুনৰ খৰণা হ’ব  বুলি উল্লেখ কৰে উদোক্তা গৰাকীয়ে।
আনহাতে  উদোক্তা  ৰামু প্ৰসাদ চাহুয়ে কয় যে, এইবাৰ ইমান ভালকৈ ষট পূজা  আয়োজন কৰিব পৰা নাই।
কাৰণ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ দা কাৰণে মানুহ বোৰ মনত ভাল লগা নাই ।
কিন্তু তাৰ মাজতে পূজা ভাগ আয়োজন কৰিব লাগিবয়েই  যিহেতু  পৰম্পৰা ৰক্ষা বাবে পূজা ভাগ আয়োজন কৰা হৈছে যদিও  ইয়াত কোনো আনন্দ উৎসৱ আন বছৰৰ দৰে কোনো  সাংস্কৃতিক অনুষ্ঠান এইবাৰ  আমি নকৰোঁ বুলি মন্তব্য কৰি কয়   বিশ্বনাথৰ প্ৰতি খন ষট পূজা স্থানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে উদোক্তা ৰামু প্ৰসাদ চাহুয়ে।
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.