31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ অসম গ্ৰন্থমেলা

    গুৱাহাটীঃ অহা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত “অসম গ্ৰন্থমেলা, গুৱাহাটী”৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাখন এইবেলি মহানগৰীৰ খানাপাৰাস্হিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব৷ অহা ২৭ ডিচেম্বৰৰ পৰা সমাগত নৱবৰ্ষ ২০২৫ চনৰ ৭ জানুৱাৰীলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলাখন৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিগত বছৰকেইটাৰ দৰে এইবছৰো গ্ৰন্থমেলাখন আয়োজনৰ বাবে প্ৰস্তুতি চলাইছিল যদিও গ্ৰন্থমেলাখনৰ স্থানক লৈ কিছু সমস্যাৰ উদ্ভৱ হৈছিল। বিগত বছৰ কেইটাত চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত গ্ৰন্থমেলা আয়োজন কৰি আহিছিল৷ কিন্তু ফ্লাইঅ’ভাৰৰ নিৰ্মাণ কাৰ্য চলি থকা বাবে চানমাৰিত হৈ থকা যানজঁটৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থমেলাৰ বিকল্প স্থানৰ সন্ধান চলাই থকা হৈছিল। বিকল্প স্থান হিচাপে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখনক বাচনি কৰা হৈছিল যদিও আগন্তুক ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱস একেখন খেলপথাৰতে অনুষ্ঠিত কৰা হব বাবে নিৰাপত্তাজনিত কাৰণত এই খেলপথাৰখন ব্যৱহাৰৰ অনুমতি পোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশেষত শিক্ষামন্ত্ৰীৰ ড° ৰণোজ পেগুৰ তৎপৰতাত এই খেলপথাৰখন ব্যৱহাৰৰ অনুমতি পোৱাটো সম্ভৱ হৈ উঠিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমতিত গৃহ বিভাগে খানাপাৰাৰ খেলপথাৰতে পূৰ্বৰ নিৰ্দিষ্ট সময়তকৈ দুটা দিন আগুৱাই গ্ৰন্থমেলাখন আয়োজনৰ প্ৰয়োজনীয় অনুমতি প্ৰদান কৰে। সেয়েহে অহা ২৭ ডিচেম্বৰ ,২০২৪ৰ পৰা ৭ জানুৱাৰী, ২০২৫ পৰ্যন্ত ১২ দিনীয়াকৈ খানাপাৰাৰ খেলপথাৰখনতে ‘অসম গ্ৰন্থমেলা, গুৱাহাটী’ অনুষ্ঠিত হ’ব। এক বিবৃতি যোগে এই কথা সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই৷ প্ৰকাশন প্ৰতিষ্ঠান তথা অনান্য বিপণীৰ বাবে ইতিমধ্যে আৱেদনপত্ৰ মুকলি কৰা হৈছে৷ গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয় নাইবা পাণবজাৰৰ যশৱন্ত পথৰ সৰস্বতী মাৰ্কেটৰ তৃতীয় মহলাত থকা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ কাৰ্যালয় আৰু www.publicationboardassam.com ৱেবচাইটৰ পৰা আৱেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব৷ সংগৃহীত আৱেদনপত্ৰ পূৰণ কৰি অহা ৩ ডিচেম্বৰৰ ভিতৰত ওপৰত উল্লেখ কৰা ঠিকনাত জমা দিব লাগিব নতুবা assampublicationboard@gmail.com আৰু aaapbsa52@gmail.com লৈ প্ৰেৰণ কৰিব লাগিব৷ বিপণীৰ জোখ-মাখ আৰু নিৰ্ধাৰিত চৰ্তাৱলী আৱেদন পত্ৰত উল্লেখ কৰা হৈছে৷ বিবৃতিটোত সচিব কলিতাই লগতে প্ৰকাশ যে অসমৰ লগতে দেশ-বিদেশৰ বহুকেইটা আগশাৰীৰ প্ৰকাশনগোষ্ঠীয়ে ইতিমধ্যে অসম গ্ৰন্থমেলা, গুৱাহাটীত অংশগ্ৰহণৰ বাবে আগ্ৰহেৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সৈতে যোগাযোগ কৰিছে৷ এইবছৰ গ্ৰন্থমেলা’ৰ স্থান সলনি কৰাৰ ফলত বিভিন্ন স্থানৰ পৰা যোৱা বিক্ৰেতাসকলৰ পৰিবহন ব্যয় বাঢ়িব পাৰে বুলি অনুমান কৰি আয়োজকসকলে বিপণীৰ ভাড়াৰ দিশটোৰ প্ৰতিও বিবেচনা কৰা বুলি জানিব দিছে। অসম গ্ৰন্থমেলা,গুৱাহাটীৰ সফলতাৰ বাবে লেখক-সাহিত্যিক, পাঠক-প্ৰকাশক, বিদ্যাৰ্থী-শিক্ষক সমাজ সকলো পক্ষৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds