31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

    বিভিন্ন প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান, উচ্চ শিক্ষা আৰু বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ বিষয়ে প্ৰবন্ধ যদি বাতৰি কাকতত  প্ৰকাশ হয় , তেন্তে শিক্ষাৰ্থী তথা অভিভাৱকসকলে উপযুক্ত শিক্ষানুষ্ঠান বাছনি কৰিবলৈ সহায় হ’ব।

    ড° বুলজিৎ বুঢ়াগোহাঁই

                আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,, তাৰ লগে লগে বিভ্ৰান্তি আৰু অনিশ্চয়তাও বৃদ্ধি পাইছে।নতুন বৃত্তি, পাঠ্যক্ৰম, প্ৰযুক্তিৰ উত্থানে শিক্ষাৰ্থীসকলৰ বাবে সুযোগ সম্প্ৰসাৰিত কৰিছে যদিও একে সময়তে উপযুক্ত নিৰ্দেশনাৰ অভাৱে বহুতকে কোনটো পথ বাছি ল’ব সেই বিষয়ে বিভ্ৰান্ত কৰি তুলিছে। ফলত তেওঁলোকে প্ৰায়ে শেষত তেওঁলোকৰ দক্ষতা, আগ্ৰহ বা ব্যক্তিত্বৰ লগত মিল নোহোৱা সিদ্ধান্ত লয়, যাৰ ফলত হতাশা, সময় হেৰুৱা আৰু প্ৰেৰণা হ্ৰাস পায়। এনে পৰিস্থিতিত সঠিক আৰু নিৰপেক্ষ কেৰিয়াৰ পৰামৰ্শ, তথ্যসমৃদ্ধ পৰামৰ্শ, তথ্যৰ নিৰ্ভৰযোগ্য উৎসই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতে এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। বাতৰি কাকতে নিয়মিতভাৱে এটি কেৰিয়াৰ পৃষ্ঠা প্ৰকাশ কৰি বিভিন্ন কেৰিয়াৰ বিকল্প, প্ৰয়োজনীয় যোগ্যতা, কৰ্মসংস্থাপন সম্ভাৱনা, বৃত্তি,  সুবিধা আদিৰ বিষয়ে তথ্য প্রদান কৰিলে শিক্ষাৰ্থীসকল উপকৃত হ’ব।

                বিভিন্ন প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান, উচ্চ শিক্ষা আৰু বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ বিষয়ে প্ৰবন্ধ যদি বাতৰি কাকতত  প্ৰকাশ হয় , তেন্তে শিক্ষাৰ্থী তথা অভিভাৱকসকলে উপযুক্ত শিক্ষানুষ্ঠান বাছনি কৰিবলৈ সহায় হ’ব। লগতে UPSC, SSC, NEET, JEE, CUET আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব লাগে, তাৰ বিষয়ে যদি দিহা-পৰামৰ্শ আগবঢ়োৱা হয়, তেন্তে শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি পাব।এইবোৰ পৰীক্ষাত সফল হোৱা শিক্ষাৰ্থীসকলৰ সাক্ষাৎকাৰ আৰু অভিজ্ঞতা সংবাদ মাধ্যমত প্ৰকাশ কৰিলে, সেইবোৰে আন শিক্ষাৰ্থীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ’ব আৰু তেওঁলোকে নিজৰ লক্ষ্য স্থিৰ কৰাত সহায় হ’ব। ইয়াৰোপৰি, বাতৰি কাকতে যদি কোনো অভিজ্ঞ কেৰিয়াৰ পৰামৰ্শদাতাৰ সহায়ত ‘প্ৰশ্ন-উত্তৰ’ শিতান আৰম্ভ কৰে, তেন্তে শিক্ষাৰ্থীসকলে নিজৰ বিভ্ৰান্তি আৰু দুৰ্বলতাৰ উপযুক্ত সমাধান লাভ কৰিব পাৰে। এই শিতানে সঠিক, নিৰপেক্ষ আৰু প্ৰামাণিক তথ্যৰ যোগান ধৰি শিক্ষাৰ্থীসকলক ভুল সিদ্ধান্তৰ পৰা ৰক্ষা কৰিব পাৰে । কিছুমান সংবাদ মাধ্যমে বিজ্ঞাপন হিচাপে কেৰিয়াৰ বিষয়ক তথ্যসমূহ প্রকাশ কৰে, যি শিক্ষাৰ্থী তথা অভিভাৱকসকলৰ বাবে বিভ্ৰান্তিকৰ হ’ব পাৰে। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ দায়িত্বশীলতা অতি  প্ৰয়োজনীয়।

                 আশা কৰিছোঁ, সংবাদ মাধ্যমসমূহে কেৰিয়াৰ বিষয়ৰ প্ৰচাৰ-প্ৰসাৰৰ দায়িত্বক যথাযোগ্য গুৰুত্বসহকাৰে গ্ৰহণ কৰিব আৰু সমাজৰ ভৱিষ্যৎ গঠনকাৰী শিক্ষাৰ্থীসকলৰ বাবে এক সহায়ক আৰু বিশ্বাসযোগ্য মাধ্যমৰ ৰূপত আত্মপ্ৰকাশ কৰিব।

    ড° বুলজিৎ বুঢ়াগোহাঁই

    কেৰিয়াৰ পৰামৰ্শদাতা   তথা

    মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,

    অসম ডন বস্ক’ বিশ্ববিদ্যালয়

    ফোন: ৯৪৩৫১৮৮৬৩০

    ই-মেইল: buljit@gmail.com

    www.buljit.com

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds