সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ অধিৱেশন সম্পন্ন

গুৱাহাটীঃ সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন কাৰ্বি আংলঙৰ ডিফু চহৰত ১৩, ১৪ আৰু ১৫ ডিচেম্বৰত তিনিদিনীয়াকৈ ডিফু কোষাগাৰৰ সৌজন্যত অনুষ্ঠিত হৈ যায়৷ “লাংকুঙ হাবে মেমৰিয়েল টাউন হ’ল”ত অনুষ্ঠিত হোৱা অধিৱেশনখনৰ প্রতিনিধি শিবিৰ মুকলি কৰে কোষাগাৰ প্রাধিকাৰী গৌতম বৰাই৷ ১৪ ডিচেম্বৰত সন্থাৰ সভাপতি সৰিৎ সেনগুপ্তাৰ পৌৰাহিত্যত সাধাৰণ সভাখন অনুষ্ঠিত হয়৷ সভাত সভাপতি মানোৰঞ্জন বৰগোঁহাই আৰু সাধাৰণ সম্পাদক মৃণাল কলিতাৰ নেতৃত্বত আগন্তুক কাৰ্যকালৰ বাবে কেন্দ্রীয় সমিতিখন গঠন কৰা হয়৷ সম্পাদক মৃণাল কলিতা দ্বিতীয় বৰলৈ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হৈছে৷ ১৫ ডিচেম্বৰৰ মুকলি সভাত সদৌ অসম কর্মচাৰী সন্থাৰ সম্পাদক প্রধানকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*