31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    সংবিধানৰ বাৰ্তা প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন প্ৰবাহঃ মন্ত্ৰী নন্দিতা গৰ্লোছা

    গুৱাহাটীত সংবিধান দিৱস পদযাত্ৰা উদযাপন

    কামৰূপ মহানগৰঃ দেশৰ ৭৫ সংখ্যক সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আজি ফটাশিল আমবাৰীস্থিত জি এম চি নিউ কলনিৰ ড০ বি আৰ আম্বেদকাৰ পথত সংবিধান দিৱস পদযাত্ৰা উদযাপন কৰা হয়। ক্ৰীড়া আৰু যুৱ কল্যাণ ইত্যাদি বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোছাই পোনতে সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলনেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত অংশগ্ৰহণকাৰী সকলোৱে সাৰ্বভৌম,সমাজবাদী তথা ধৰ্ম-নিৰপেক্ষ গণতান্ত্ৰিক দেশ গঢ়াৰ হকে সংবিধানৰ প্ৰস্তাৱনাৰ সংকল্প লয়। সংবিধান দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী গৰ্লোছাই কয়, আজিৰ এই দিনটোত আমি সকলোৱে সংবিধানৰ পৱিত্ৰতা আৰু মৰ্যদা অটুত ৰখাৰ সংকল্প লৈছো।

    সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত সাৰ্বভৌম, সমাজবাদ, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, প্ৰজাতন্ত্ৰ আৰু সকলোৰে প্ৰতি সম ন্যায় আৰু সম মৰ্যদা পোষণ কৰা নীতি আমি অক্ষুণ্ণ ৰাখিব লাগিব। ভাৰতীয় সংবিধানৰ মহান বাৰ্তা আমাৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে জীৱন প্ৰবাহৰ দৰে হৈ পৰিছে। নতুন প্ৰজন্মও এই বাটেৰে আগুৱাই যাব লাগিব।

    আজিৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ উপস্হিতিয়ে আমাক সংবিধানৰ পৱিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত উদ্বুদ্ধ কৰিছে। এয়া আমাৰ সকলোৰে বাবে শুভ লক্ষণ। একেদৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌশৰ জমিল হিলালীয়ে কয় যে ভাৰতবৰ্ষৰ সংবিধানখন নাগৰিকৰ বাবে এনে এখন দস্তাবেজ যাৰ জৰিয়তে নাগৰিকে নিজৰ অধিকাৰ গ্ৰহণ কৰিব পাৰে য’ত নাগৰিকৰ দায়িত্বসমূহ বিশ্লেষণ কৰা হৈছে।

    একেটা অনুষ্ঠানতে ফটাশিলৰ আম্বেদকাৰ উন্নয়ন কমিটি আৰু কৃৰ্তীনিৱাস ৰাজন তেলেগু এছোচিয়েচন, অসমৰ স্বয়ংসেৱকসকলে মন্ত্ৰীগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত সংবিধানৰ প্ৰস্তাৱনা সম্বলিত কেনভাছত উপস্হিত সকলোৰে স্বাক্ষৰ সংগ্ৰহ কৰা হয়।

    আজিৰ এই পদযাত্ৰা অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ তিমুং,নেহৰু যুৱ কেন্দ্ৰৰ ৰাজ্যিক সঞ্চালক দিনবন্ধু  সাহা, এন.এছ.এছৰ আঞ্চলিক সঞ্চালক জেং জিলো, গুৱাহাটীৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা অহা যুৱ শিক্ষাৰ্থী, এন.চি.চি, অতিৰিক্ত জিলা আয়ুক্ত, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় গণ্য-মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds