
সৰু লৰাই চোৰ- পুলিচ খেলাৰ দৰে মুখ্যমন্ত্ৰীয়ে বিদেশী গুপ্তচৰ ধৰাৰ খেল খেলিবলৈ গৈ বহুমুখী প্ৰতিভাৰ পৰিচয় দিছে। হাতেলোটে ধৰা পেলাইছে অপৰাধ। কে’ছটো ন’ বছৰ পুৰণি। ভাৰত চৰকাৰৰ বাঘা বাঘা বিষয়াই বোধহয় বলে নোৱাৰি ড৹ শৰ্মাৰ শৰণাপন্ন হৈছে।
সমস্যা ইয়াতে যে সেই সময়তে পাকিস্তানৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ব্যস্ত হৈ পৰিছিল।বিদেশ ভ্ৰমণৰ মাজতে নিৰ্ধাৰিত কাৰ্যসূচী ভঙ্গ কৰি হঠাতে পাকিস্তানৰ প্ৰভাৱশালী ৰাজনীতিবিদ নৱাজ শ্বৰীফৰ ল’ৰাৰ বিয়াত উপস্থিত হৈছিল। ড৹ শৰ্মাই মোদীকো সন্দেহৰ বৃত্তত সুমুৱাই লোৱা ভাল হ’ব যেন পাওঁ।
গৌৰৱৰ ক’বলগীয়া খিনি তেওঁ কৈছে। আমি তেওঁৰ ব্ৰিটিছ পত্নী সম্পৰ্কে দুআষাৰ ক’ব খোজোঁ।
গুৰুতৰ অভিযোগ এয়ে যে তেওঁ পাকিস্তানত জৰ্জ ছৰছৰ এটা সংগঠনত কাম কৰিছিল। ড৹ শৰ্মাৰ মতে ছৰছ এক ভাৰতবিৰোধী দগাবাজ। আমেৰিকাৰ ‘ডীপ ষ্টে’টৰ’ লগত জড়িত। পাকিস্তানী আই-এছ-আইৰ লগতো বোলে সনাপিঠা। অতএব গৌৰৱৰ পত্নী বিদেশী গুপ্তচৰ নহৈ নোৱাৰে। ড: শৰ্মাৰ বৌদ্ধিক ক্ষীপ্ৰতা চমকপ্ৰদ।
অৱশ্যে ৰাজহুৱাভাৱে পোৱা তথ্য কিছু বেলেগ।জৰ্জ ছৰছ মোদীবন্ধু ট্ৰাম্পৰ ক্ষুৰধাৰ
সমালোচনাৰ বাবে বিখ্যাত। মাৰ্কিন চৰকাৰৰ পছন্দৰ মানুহ মুঠেই নহয়। তেওৰ ফাউণ্ডেছন Open Societyয়ে বিভিন্ন দেশত শাখা খুলি তাৰ মাধ্যম সমূহৰ স্বাধীনতা,চৰকাৰৰ দায়বদ্ধতা, নিৰ্বাচনৰ নিয়মানুৱৰ্তিতা আৰু সাধাৰণভাবে তাৰ গণতন্ত্ৰৰ স্বাস্থ্য নিৰীক্ষণ কৰি নিয়মিত প্ৰতিবেদন প্ৰকাশ কৰে। ইয়াতে কুপিত হৈ পাকিস্তানৰ চৰকাৰে এই শাখাটোক পাকিস্তানৰ পৰা বহিষ্কাৰ কৰে ২০১৭ চনতে। আইএছ আয়ে বোধহয় গম নাপালে। অসমৰ দুৰ্ধৰ্ষ অনুসন্ধানকাৰীয়ে কৌশলেৰে আই এছ আইক জনাই দিয়াই ভাল নেকি!
জৰ্জ ছৰছ মোদী আৰু বিজেপি নেতৃত্বাধীন
চৰকাৰৰো কঠোৰ সমালোচক। আটায়ে জানে যে বিজেপি চৰকাৰক সমালোচনা কৰা মানেই ভাৰতক নিন্দা কৰা,কলঙ্কিত কৰা।অতএব ছৰছ ভাৰতৰ শত্ৰু,আৰু ফলত তেওঁ প্ৰতিষ্ঠা কৰা সংগঠনত চাকৰি কৰা গৌৰৱৰ পত্নীও নিৰ্ঘাত ভাৰতৰ শত্ৰু।
চমৎকাৰ যুক্তি! ড৹ শৰ্মাৰ সময়োচিত তৎপৰতাত দেশ ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিল।




