31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ কৰুণ অৱস্থাঃচৈবাৰীৰ দ পুখুৰীত ওৰে নিশা আৱদ্ধ ৬ টা বনৰীয়া হাতী

    গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ কৰুণ অৱস্থাঃচৈবাৰীৰ দ পুখুৰীত ওৰে নিশা আৱদ্ধ ছয়টা বনৰীয়া হাতী


    মানুহ আৰু বন্যহস্তীৰ সংঘাটে তীব্ৰৰূপ ধাৰণ কৰা গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজি দেখা গ’ল এজাক বন্যহস্তীৰ কৰুণ অৱস্থা ৷ 

    লক্ষীপুৰৰ চৈবাৰী তৈল খেজুৰ বাগানৰ দ পুখুৰীত যোৱা নিশা পানী খাবলৈ নামি আজি দুপৰীয়ালৈ পুখুৰীটোতে আৱদ্ধ হৈ থাকিল ছয়টাকৈ বন্যহস্তী ৷

    উল্লেখ্য যে কালিও এই পুখুৰীটোত আৱদ্ধ হৈ পৰিছিল পাঁচটাকৈ বন্যহস্তী ৷ কালি বন বিভাগে অশেষ কষ্ট কৰি বনৰীয়া হাতী কেইটা উদ্ধাৰ কৰে যদিও যোৱা নিশা পুণৰ আন ছয়টা হাতী পানী খাবলৈ নামি আৱদ্ধ হয় দ পুখুৰীটোত ৷

    পুখুৰীটোৰ পাৰ বহু ওখ হোৱাৰ বাবে পানীৰ পৰা উঠি অহাৰ কোনো পথ নেপাই গোটেই নিশা প্ৰাণৰ মমতাত চিঞৰি থাকে হাতীকেইটা ৷

    অৱশেষত আজি দুপৰীয়া বন বিভাগে জেচিবি, এক্সেভেলেটৰেৰে পুখুৰীৰটোৰ পাৰ খান্দি হাতী কেইটাক উঠি অহাৰ ব্যৱস্থা কৰি দিয়ে ৷ বন বিভাগৰ এনে তৎপৰতাত একাংশ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে যদিও আন একাংশই সঠিক মতে কৰ্তব্য সম্পাদন নকৰাৰ অভিযোগ তুলিছে বন বিভাগটোৰ বিৰুদ্ধে ৷

    ৰাইজে অতি শীঘ্ৰে চৈবাৰী তৈল খেজুৰ বাগানৰ দ পুখুৰী কেইটা পুতি পেলোৱাৰ লগতে বন্যহস্তীৰ সমস্যাটো বিজ্ঞান সন্মত ভাৱে সমাধান কৰিবলৈ বন বিভাগৰ ওচৰত দাবী জনাইছে ৷

    কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds