31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামত জনজাতীয় লোক সকলে এক অগ্ৰণী ভূমিকা পালন কৰিছিল- শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

    অসম জনজাতি আৰু অনুসূচীত জাতি গবেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ সহযোগত আৰু অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগ (ভৈয়াম)ৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে জনজাতীয় গৌৰৱ দিৱস উদযাপন।

    দিছপুৰঃ ধৰতি আবা বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগতে অসম জনজাতি আৰু অনুসূচীত জাতি গবেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ সহযোগত আৰু অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগ(ভৈয়াম)ৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটী পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে উদ্যোগতাৰ দ্বাৰা বাৰে-ৰহণীয়া এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। ইয়াৰে পিছত অনুষ্ঠিত সভাত অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে।

    অনুষ্ঠানত ভাষণ প্ৰসঙ্গত প্ৰথমে ধৰতি আবা বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী সমগ্ৰ দেশতে জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰাৰ পদক্ষেপ লোৱাৰ বাবে দেশৰ যশচ্চী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে জনজাতীয় লোক সকল য’ত প্ৰকৃতিও ত’ত আৰু জনজাতীয় লোকসকলে তেওঁলোকৰ দৈনন্দিন জীৱনশৈলীৰ মাজেৰে আমাৰ প্ৰকৃতিৰ সংৰক্ষণ কৰাৰ এক পদক্ষেপ তাহানিৰ পৰাই গ্ৰহণ কৰি আহিছে। লগতে তেওঁ কয় যে জনজাতীয় লোক সকলে আমাৰ স্বকীয় ভাষা কলা-কৃষ্টিক বজাই ৰখাত কোনোদিনে কৃপণালি কৰা নাই বুলি উল্লেখ কৰে।

    মন্ত্ৰী গৰাকীয়ে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে জনজাতীয় লোকসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী জন মন যোজনা আৰু ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানে জনজাতীয় লোকসকলৰ জীৱনলৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনা বুলি উল্লেখ কৰে। তেওঁ আৰু কয় যে আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে বনাঞ্চলত বাস কৰা ভূমিপুত্ৰ জনজাতীয় লোকসকলক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি কয়।

    মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসঙ্গত আৰু উল্লেখ কৰে যে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে শিক্ষা বিভাগৰ তৰফৰ পৰা ৰাজ্যখনত বিভিন্ন প্ৰান্তত ইতিমধ্য মুঠ ৩৬৬ কোটি টকা ব্যয়ৰে ৮৭ খন ট্ৰাইবেল হোষ্টেল নিৰ্মাণৰ কাম গ্ৰহণ কৰাৰ উপৰিও জনজাতীয় লোক সকলে উৎপাদন কৰা সামগ্ৰী সমূহক এক সংগঠিত ভাবে বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰাৰ বাবে বজাৰ গৃহ নিৰ্মাণৰো কাম হাতত লোৱা বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানতে কেন্দ্ৰীয় চৰকাৰে বিহাৰৰ জামুইত অনুষ্ঠিত জনজাতীয় গৌৰৱ দিৱসত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীলৈ দিয়া ভাষণ ইলেক্ট্ৰনিক মাধ্যমেৰে এই অনুষ্ঠানত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়।

    আজিৰ এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শীতা প্ৰদৰ্শন কৰা পৰিপ্ৰেক্ষিতত শ্ৰীপদুম বড়ো, শ্ৰীঅনুপ কুমাৰ ৰাভা, শ্ৰীউত্তম টেৰণ আৰু শ্ৰীকেনি বসুমতাৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ অধীনত কৃষি ক্ষেত্ৰত সহায়ক হোৱাকৈ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা ৰাজ্যখনৰ জনজাতীয় লোক সকলক অত্যাধুনিক কৃষি সজুলী প্ৰদানৰ আৰম্ভণিৰ লগত ৰজিতা খুৱাই ৬ গৰাকী জনজাতীয় কৃষকক পাৱাৰটিলাৰ প্ৰদাণ কৰা হয়। আজিৰ এই অনুষ্ঠানত ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীমতী বিনীতা পেগু, সঞ্চালক উদয়াদিত্য গগৈ আৰু কেন্দ্ৰীয় পৰ্যবেক্ষক শ্ৰীসুশীল কুমাৰ বিমান উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds