চলিত মাহৰ ৩১ অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ অন্তিমখন অসমীয়া চিনেমা ‘ৰৈ ৰৈ বিনালে’। বহুপ্ৰতীক্ষিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ প্রথমটো মোৰ মন শীৰ্ষক গীতে ইতিমধ্যে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে। প্ৰকাশিত গীতৰ ভিডিঅ’ত বৰ্তমানলৈতে ৩ দিনত ১.৮ মিলিয়ন লোকে জুবিন গাৰ্গ অভিনীত গীতটি দৰ্শন কৰিছে। লগতে ৭ লাখ ৫৪ হাজাৰ লোকে বিগত ৩ দিনত গীতটোৰ অডিঅ’ ইউ টিউবত শুনিবলৈ সক্ষম হৈছে।
Mur Mon (Roi Roi Binale) · Zubeen Garg
প্ৰাপ্ত খবৰ অনুসৰি আগন্তুক ৩ মাহলৈকে কোনোধৰণৰ অসমীয়া চিনেমা মুক্তি নিদিয়াৰ কথাও চৰ্চিত হৈছে। যোৱা ২৬ ছেপ্টেম্বৰত ছবিগৃহলৈ অহাৰ কথা আছিল ‘হোমৱৰ্ক’ নামৰ চিনেমাখন।
১০ অক্টোবৰত মুক্তি দিন আছিল ‘যৌৱনে আমনি কৰে দ্বিতীয়’ৰ। ইতিমধ্যে যৌৱনে আমনি কৰে নামৰ চিনেমাখনৰো মুক্তিৰ দিন পৰৱৰ্তী সময়ত ঘোষণা কৰাৰ কথা প্ৰকাশ কৰিছে। ইফালে ১০ অক্টোবৰত ছবিগৃহলৈ অহাৰ কথা আছিল ‘প্ৰস্তাৱনা’ নামৰ চিনেমাখন। ককা দেউতা নাতি আৰু হাতীৰো মুক্তিৰ দিন আছিল অহা ২১ নৱেম্বৰ। স্পষ্ট হৈ পৰিছে যে, চলিত ২০২৫ বৰ্ষত মুক্তি নাপাব অন্য কোনো অসমীয়া ছবি। মুক্তিৰ তালিকাত থকা ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ দ্বিতীয়’ৰ দিন পিছুৱাই দিয়া হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ পাছতেই আগন্তুত সময়ত আহিবলগীয়া সকলো অসমীয়া চিনেমাৰে মুক্তিৰ দিন পিছুৱাই দিয়াৰ কথা প্ৰকাশ পাইছে।