
অসম আন্দোলনৰ ৮৬০ গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত ১৭০ কোটি টকা ব্যয়েৰে ১৫০ বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ নিৰ্মাণ কৰা হৈছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে। স্মাৰক ক্ষেত্ৰত থকা শ্বহীদ প্রণাম জ্যোতিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। অসম আন্দোলনৰ ৮৬০ গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত ১৭০ কোটি টকা ব্যয়েৰে ১৫০ বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ নিৰ্মাণ কৰা হৈছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয় যে, অসমৰ অস্তিত্ব সুৰক্ষাৰ অগ্ৰগামী যাত্ৰাৰ সেনানীসকলক স্মৰণ কৰি তেওঁলোকে দেখা সপোন ৰাজ্য চৰকাৰে পূৰণ কৰিবলৈ প্ৰয়াস কৰিছে। নিজৰ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ বাবে ৰাজ্যৰ সকলো খিলঞ্জীয়া লোককে সজাগ সচেতন হবলৈ আহ্বান জনায়।


অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱলে অংশ লৈ দিয়া ভাষণত অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি কয় যে এই স্মাৰক নির্মানে ছহিদসকলৰ ত্যাগৰ প্ৰতি যথোচিত শ্রদ্ধা প্রদর্শন কৰিছে। অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি নিজৰ জীৱন পৰ্যন্ত ত্যাগ কৰা ছহিদসকলৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে। উক্ত অনুষ্ঠানত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীকে ধৰি বিভিন্নগৰাকী লোক উপস্থিত থাকে।







