31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকঃ দুৰ্গোৎসৱৰ সময়ত সুৰক্ষিত যাতায়াত বাহাল ৰখাত গুৰুত্ব জিলা আয়ুক্তৰ

    কামৰূপ মহানগৰঃ কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, যানবাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈ, পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাস, কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজিৎ চৌধুৰী, যানবাহন পৰিদৰ্শক পংকজ দাসকে ধৰি জিলা পথ সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ, স্বাস্থ্য, আবকাৰী আদি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

    বৈঠকৰ আৰম্ভণিতে বিগত সময়ত মহানগৰ জিলাখনৰ পথ-সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ কাৰ্যপন্থা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। দুৰ্গোৎসৱৰ সময়চোৱাত কামৰূপ মহানগৰ জিলাখনৰ কোনো ঠাইতে যাতে যানজঁট সৃষ্টি নহয়, বৰঞ্চ প্ৰতিটো পথতে যাতে সকলো সময়তে সুৰক্ষিত যাতায়াত বজাই ৰাখিব পাৰি তাত অধিক গুৰুত্ব দিয়ে জিলা আয়ুক্ত গৰাকীয়ে৷

    পূজাৰ সময়চোৱাত কোনোৱে যাতে য’তে ত’তে অস্থায়ী দোকান, বজাৰ বহুৱাই বিশৃংখলতাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে তেওঁ জিলাখনৰ পথ-সুৰক্ষাৰ লগত জড়িত সকলো বিভাগকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়৷ তদুপৰি জিলাখনৰ বিভিন্ন এম্বুলেন্সসমূহ চিকিৎসালয়ত ৰোগী থোৱাৰ পিছত এডোখৰ নিদিষ্ট ঠাইত ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্ত গৰাকীয়ে গুৱাহাটী পৌৰনিগমক আহ্বান জনায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds