31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

    অসমৰ প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ।...

    শেহতীয়া আপডেটঃ

    তেজপুৰত কৃৰ্তী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক বিদায় সম্বৰ্ধনা

    তেজপুৰত কৃৰ্তী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক বিদায় সম্বৰ্ধনা

    তেজপুৰ ২৯ ছেপ্টেম্বৰ

    শোণিতপুৰ জিলা তেজপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য বিষয়া তথা মানৱদৰদী চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতি পদোন্নতিসহ যোৰহাটৰ মেডিকেল কলেজলৈ উচ্চশিক্ষা গ্ৰহণৰ বাবে বদলি হোৱাত শুক্ৰবাৰে নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ সমূহ স্বাস্থ্যকৰ্মী সকলে নগৰীয়া স্বাস্থ্য কেন্দ্ৰত এখনি বিদায় সম্বৰ্ধনা সভা আয়োজন কৰে।
    নগৰীয়া স্বাস্থ্য কেন্দ্ৰ কৰ্মচাৰী জ্যোতিময় দত্তই আতঁ ধৰা অনুষ্ঠানটোত উপস্থিত থাকে নগৰীয়া স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতি সভাপতি ম:মুনাফ আহমেদ, চিকিৎসা বিষয়া ডাঃ অন্তৰা কুণ্ডু, নগৰীয়া স্বাস্থ্য কেন্দ্ৰ কৰ্মচাৰী ৰমণীকান্ত ডেকা, ৰাজীৱ নাথ, মিনাৰা বেগম, পিংকী বৰমুদৈ, পল্লৱী বৰা, ৰঞ্জিলা খাৰীয়া, পাপৰী বৰুৱা, মিন্টু দত্ত, কৌশিক শৰ্মা, গণেশ চেত্ৰীকে ধৰি আশাকৰ্মী আৰু স্বাস্থ্য কেন্দ্ৰটো চিকিৎসক তথা কৰ্মচাৰীসকল উপস্থিত থাকে। এই সভাতে চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতি লগতে পূৰ্বৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত এ এন এম নাৰ্চ মানসি বৰা, প্ৰিয়ংকা মহাটু অন্যান্য স্থানলৈ বদলি হোৱাত এই সভাতে বিদায় সম্ভাষন জনাই কেন্দ্ৰটোৰ কৰ্মচাৰী সকলে।

    উল্লেখযোগ্য যে বিদায়ী চিকিৎসা বিষয়া তথা মানৱদৰদী চিকিৎসক ডা: সেউজ কুমাৰ সেনাপতি আৰু এ এন এম মানসি বৰা, প্ৰিয়ংকা মহাটু ৱে বিগত কেইবা বছৰ ও অধিক কাল নগৰীয়া স্বাস্থ্য কেন্দ্ৰটোত ৰাইজক চিকিৎসা সেৱা তথা ৰাইজৰ ওচৰলৈ গৈ শিশু আৰু মাতৃৰ টীকাকৰণ, পলিঅ’ তথা স্বাস্থ্য শিবিৰ আদি আয়োজন কৰি ৰাইজক আগবঢ়োৱা অৱদানৰ কথা উপস্থিত স্বাস্থ্যকৰ্মীসকলে শ্ৰদ্ধাৰে সোঁৱৰে ।

    উক্ত সভাতে কেন্দ্ৰটোৰ তৰফৰ পৰা একো খনকৈ বিদায়ী সম্বৰ্ধনা পত্ৰ, গামোচা লগতে কিতাপৰ টোপোলাৰে বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে এক প্ৰীতি ভোজৰো আয়োজন কৰে। সভাত ডা:সেউজ কুমাৰ সেনাপতিয়ে অঞ্চলবাসী ৰাইজ আৰু কৰ্মচাৰী সকলৰ পৰা বিগত সময় চোৱাত পোৱা মৰম সহযোগিতা বাবে কৃতজ্ঞতা জ্ঞাপন কৰে

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.