31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্রী ড০ শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন 

    ◊ ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ অবিৰত প্ৰয়াস হিচাপে আৰম্ভ কৰা বিকাশ যাত্ৰাৰ অংশস্বৰূপে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন কৰে। মুখ্যমন্ত্ৰীয়ে ৩৯৫ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ব ৩৫০খন বিছনাযুক্ত বাজ্যিক কর্কট প্রতিষ্ঠান উদ্বোধন কৰে। ৰ’ব’টিক অস্ত্ৰোপচাৰৰ সুবিধা থকা এইখনেই হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী চিকিৎ‍সালয়। মুখ্যমন্ত্রী ড০ শৰ্মাই তেওঁৰ ভাষণত ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত টাটা ট্ৰাষ্টৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তিৰ কথা উল্লেখ কৰি কয় যে, ইয়াৰ অধীনত ডিব্ৰুগড়, বৰপেটা, শিলচৰ, কোকৰাঝাৰ, দৰং, লখিমপুৰ, যোৰহাট আৰু তেজপুৰত ডিষ্ট্রিবিউটেড কেন্সাৰ কেয়াৰ ম’ডেল হাস্পতালৰ ব্যৱস্থা কৰা হৈছে।

    মুঠ ৩ হাজাৰ ৬০০ কোটি টকা ব্যয়ৰে ৰাজ্যত বিশ্বমানৰ কৰ্কট চিকিৎসাৰ সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ইয়াৰ পূৰ্বে ড০ শৰ্মাই গুৱাহাটীৰ পাঞ্জাবাৰীত ৪৭ কোটি টকা ব্যয় সাপেক্ষে নির্মিত পূৰৱী সম্প্ৰসাৰিত দুগ্ধ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে পূৰৱী ডেইৰীৰ নৱতম সংযোজন পূৰৱী আইচক্ৰীম মুকলি কৰে। এই সম্প্ৰসাৰিত প্ৰকল্পটোৱে ৰাজ্যৰ দুগ্ধপালক সকলক আর্থিকভাৱে সবল কৰি তোলাৰ লগতে ৰাজ্যৰ জনসাধাৰণক পুষ্টিকৰ দুগ্ধজাত সামগ্ৰী যোগানত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।

    মুখ্যমন্ত্ৰীয়ে লগতে গুৱাহাটীৰ কালাপাহাৰত থকা বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ১৩ কোটি টকা ব্যয় সাপেক্ষ পেট-চিটি প্রকল্প মুকলি কৰে। এই পেট-চিটিৰ সংস্থাপনে কৰ্কট ৰোগীসকলক বহু পৰিমাণে সকাহ প্রদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিয়লিৰ ভাগত তেওঁ গুৱাহাটীৰ বিহাবাৰীত ১১ কোটি টকা ব্যয় সাপেক্ষ গৃহ আৰু নিৰ্মাণ শ্রমিকৰ বাবে প্ৰথমটো নৈশ আশ্রয়স্থল উদ্বোধন কৰে।

    এই আশ্রয়স্থলত নির্মাণখণ্ডৰ সৈতে জড়িত প্রায় ২০০ শ্রমিকৰ বাবে নৈশ যাপনৰ সুলভ ব্যৱস্থা থকাৰ লগতে শ্রমিকসকলৰ তাৎক্ষণিক প্রয়োজনীয়তা পূৰণ কৰিব পৰাকৈ উন্নত সুবিধাও উপলব্ধ হ’ব। অনাগত সময়ত ডিব্ৰুগড় আৰু তিনিচুকীয়াত এনেধৰণৰ দুটা নৈশ আশ্রয়স্থল নির্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

    তেওঁ কয় যে, নির্মাণ শ্রমিক কর্মী কল্যাণ পৰিষদ গঠন হোৱাৰে পৰা বৰ্তমানলৈকে প্ৰায় ৬ লাখ ৪০ হাজাৰ ৭৩০ গৰাকী নির্মাণ শ্রমিকক বিভিন্ন ধৰণে সহায় আগবঢ়োৱা হৈছে আৰু এই ক্ষেত্ৰত প্ৰায় ৩৯২ কোটি টকা ব্যয় হৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছত উত্তৰ গুৱাহাটী-উমানন্দ মডুলাৰ টার্মিনেলৰ ভূমিপূজন কাৰ্যসূচীত অংশ লয়। এই টার্মিনেলে উমানন্দলৈ উন্নত আৰু সুচল যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ লগতে পর্যটন খণ্ডৰ উন্নয়নত বিশেষ অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds