Monday, June 30, 2025
30.4 C
Guwahati
TOP NEWS:

নলবাৰীত ডাইনাপালি প্ৰভাত হালৈৰ দুখন গ্ৰন্থ উন্মোচন

‘নিজ কলা-সংস্কৃতি অবিহনে এটা জাতি জীয়াই নাথাকে ।" — অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা

- Advertisement -

■ : “সৰু গ্ৰন্থ এখন ৰচনাৰদ্বাৰাও এগৰাকী লেখক বিখ্যাত সাহিত্যিক হ’ব পাৰে । গ্ৰন্থখনৰ জৰিয়তে লেখকে এখন সমাজৰ ছবি দাঙি ধৰে । যিখন গ্ৰন্থত লেখকৰ অভিজ্ঞতা আৰু সমাজৰ প্ৰতিচ্ছবি সুন্দৰ ভাৱে দাঙি ধৰিব পাৰে সেইখন গ্ৰন্থ মহৎ হ’য় । সমাজৰ কলা-সংস্কৃতি আৰু ইতিহাস গ্ৰন্থৰ মাজেৰে ধৰি ৰাখিব পাৰি । কলা-সংস্কৃতি অবিহনে এটা জাতি জীয়াই নাথাকে ।”–এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ । নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ১৮ ছেপ্টেম্বৰত নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁ‌ৰালত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত ডাইনাপালি প্ৰভাত হালৈৰ ‘লোককলা ওজাপালি আৰু সমাজ’ নামৰ গ্ৰন্থখন উন্মোচন কৰি প্ৰধান সম্পাদক শৰ্মাই লোককলা সমাজৰ উৎসাহ আৰু প্ৰেৰণাত জীয়াই থাকে বুলি ক’য় । ওজাপালি অনুষ্ঠানটো জীয়াই ৰখাৰ প্ৰসংগত সমাজৰ কৰণীয় কি হ’ব এই সম্পৰ্কেও প্ৰধান সম্পাদক শৰ্মাই উন্মোচনী ভাষণত বহলভাৱে বক্তব্য প্ৰদান কৰে । লগতে নলবাৰী জিলা সাহিত্য সভাই বিগত দিনসমুহত সাহিত্যৰ দিশত যিবোৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে সেই বিষয়ে প্ৰধান সম্পাদকগৰাকীয়ে প্ৰশংসা কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাখনত ডাইনাপালি প্ৰভাত হালৈৰ আনখন গ্ৰন্থ ‘হাঁ‌হিৰ টোপোলা’ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰত্ৰিকা সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই । গ্ৰন্থখন উন্মোচন কৰি ডঃ শৰ্মাই ক’য় এতিয়ালৈ ২৭ খন গ্ৰন্থ ৰচনা কৰি পাঠক সমাজলৈ উপহাৰ দিয়া ডাইনাপালি প্ৰভাত হালৈ ধন্যবাদৰ পাত্ৰ । লোককলা আৰু লোকসংস্কৃতিক সজীৱ কৰি ৰখাৰ বাবে শিল্পী তথা লেখক প্ৰভাত হালৈয়ে যি ব্যৱস্থা লৈছে সেয়া প্ৰসংশনীয় বুলি উল্লেখ কৰি ডঃ শৰ্মাই প্ৰভাত হালৈক সাহিত্যিক পেন্সন দিব লাগে দাবী জনায় । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁ‌ত ধৰা আৰু সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ, নৰেশ্বৰ কলিতা, জোন বৰ্মনে সহযোগ কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক ডঃ লীনা ডেকা । সাহিত্যিক ডঃ ডেকাই কয় যে ভাল সাহিত্য সদায় অমৰ হৈ থাকে । লোককলা, লোক সংস্কৃতি আদি অসমীয়া মানুহৰ হৃদয়ত আছে । ইয়াক চিৰদিনৰ বাবে সজীৱ কৰি ৰাখিবলৈ তেওঁ‌ আহ্বান জনায় । সভাত উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মাই প্ৰভাত হালৈৰ সৃষ্টিৰাজিক প্ৰশংসা কৰে । অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডা বিপিন চন্দ্ৰ কলিতাই লেখকসকলক বানানৰ ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনায় । সভাৰ আৰম্ভণীতে অসমৰ বিশিষ্ট গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ বাণীকান্ত শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌনতা অৱলম্বন কৰা হয় । ইয়াৰ পূৰ্বে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ আৱক্ষ মুৰ্তিত শিলচৰৰ চেংকুৰি শাখা সাহিত্য সভাৰ সভাপতি প্ৰমেশ কুমাৰ মহন্তই আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী আবক্ষ মূৰ্তিত সাহিত্য সেৱী কল্পনা মিশ্ৰই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিৱেদন কৰে । অনুষ্ঠানত সাহিত্য সভাৰ বহু সদস্য আৰু বিষয়-ববীয়াৰ লগতে অংকিতা হালৈ , বিদুস্মিতা হালৈ আৰু কেবাগৰাকী সাহিত্যসেৱী উপস্থিত থাকে । শিশুশিল্পী বিদিশা ভৰদ্বাজে লোকগীত পৰিৱেশন কৰাৰ লগতে অসম সংগীত পৰিৱেশনেৰে সভা সামৰা হয় ।

Hot this week

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
light rain
28.6 ° C
28.6 °
28.6 °
82 %
1.8kmh
100 %
Mon
28 °
Tue
31 °
Wed
28 °
Thu
33 °
Fri
27 °