Wednesday, June 4, 2025
25.7 C
Guwahati
TOP NEWS:

বিশ্বনাথৰ পাভৈ গ্ৰীনত ১৪০ টা প্ৰজাতিৰ বিলাহী, ৫২ টা প্ৰজাতিৰ কবি আৰু ৮০ টা প্ৰজাতিৰ জলকীয়া উৎপাদন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

১৪০ বিধ প্ৰজাতিৰ বিলাহীৰে এক দৃষ্টি নন্দন পৰিৱেশ বিশ্বনাথৰ পাভৈত। ৰং বিৰঙৰ বিলাহীবোৰৰ কোনোবাটোৰ ওজন যদি ২৫০ গ্ৰাম তেন্তে কোনোবাটোৰ আকৌ মাত্ৰ ৫ গ্ৰাম। ৰঙা ক্ৰিকেট বলটোৰ পৰা মাৰ্বল গুটি বা কাঁচি বগৰীৰ দৰে এই নানা ৰঙৰ বিলাহী বোৰে এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে। এই বিলাহী বোৰ লমা লমকৈ লাগি আছে বিশ্বনাথৰ বিশিষ্ট যুৱ কৃষক নীলম দত্তৰ কৃষি পাম পাভৈ গ্ৰীণত।

নীলম দত্তই এই বিলাহীৰ খেতি কৰিছে পাভৈ গ্ৰীণত। উদ্দেশ্য বিলাহীৰ বিভিন্ন প্ৰজাতিৰ বীজ উৎপাদন। উল্লেখযোগ্য যে নীলমে এই বিলাহীৰ উপৰি ধানক ধৰি বিভিন্ন প্ৰজাতিৰ বীজ সংৰক্ষণ কৰিছে। ইয়াৰ উপৰি ফুল, বন্ধা, বকলি, ওলকবিৰ মুঠ ৫২ টা প্ৰজাতিৰ কবি আৰু ৮০ টা প্ৰজাতিৰ জলকীয়া পৰীক্ষামূলক ভাৱে উৎপাদন কৰিছে। তদুপৰি ইয়াৰ বীজ উৎপাদন আৰু সংৰক্ষণৰ বাবে তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত তেওঁ মহিলাৰ মাজত গোট গঠন কৰি কবিৰ বীজ পৰীক্ষামূলক ভাবে উৎপাদন কৰাত সফল হৈছে।

ইয়াৰ উপৰিও বিভিন্ন প্ৰজাতিৰ জিকা, বেঙেনা আদিৰ বীজ উৎপাদন কৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কৃষকক যোগান ধৰিবলৈ সক্ষম হৈছে এইজন যুৱক। বিশেষকৈ জৈৱিক কৃষি কৰ্মক গুৰুত্ব দি অহা নিলমে কেঁচু সাৰ উৎপাদন কৰি সফলতা লাভ কৰি আহিছে। বৰ্তমান নীলমে অভিলেখ সংখ্যক কেঁচু সাৰ বাহিৰলৈ প্ৰেৰণ কৰি আশাৰ বতৰা কাঢ়িয়াই আনিছে। ইয়াৰ উপৰি নীলমৰ কৃষি পামত আছে কুৰি তাৰো অধিক পুখুৰী।যত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰাৰ লগতে মাছ বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ লগতে সমগ্ৰ পাম খনত ২০/২৫ জন নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে ।

নীলম দত্তৰ এই পামত আছে ২৫/৩০জনী উন্নত মানৰ গাই গৰু। ইয়াৰ পৰা গাখীৰ উৎপাদন কৰিও লাভৱান হয় তেওঁ। ধান খেতি আৰু অন্যান্য খেতিৰ লগতে মধুৰীয়াম আদি ফলমূলৰ খেতি কৰিও যথেষ্ট লাভবান হৈছে তেওঁ। শেহতীয়াকৈ তেওঁ ৮০ বিঘাৰো অধিক এই পাম খন পৰিৱেশ আৰু বন্ধুত্ব মূলক পৰ্যটন কেন্দ্ৰ হিচাবে গঢ় দিয়াৰ প্ৰচেষ্টা চলাইছে। যাৰ বাবে বিদেশী পৰ্যটক থাকিব পৰাকৈ সাজি উলিয়াইছে কেইবাটাও আলহী গৃহ। পৰ্যটনৰ বাবে তেওঁ টকৌ পাত, বাঁহ আদিৰে শেহতীয়া ভাবে সাজিছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ঘৰৰ আৰ্হিৰ এটা চাং ঘৰ। ভিতৰত জুই পুওৱাৰ ব্যৱস্থা থকা এই ঘৰটোত ধুনীয়াকৈ সজাই তোলা হৈছে আলহী থাকিব পৰা আৰু বহিব পৰা কোঠা। আনকি নিলমৰ পুখুৰীত পৰেহি শৰালী, শামুকখোলা, বৰটোকোলাকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই। যাৰ বাবে এতিয়া নিলমে নিজৰ এটা পুখুৰীত চৰাইবোৰে কণী পাৰি পোৱালী জন্ম দিয়াৰো ব্যৱস্হা কৰি দিছে। ইয়াৰ উপৰি প্ৰতি বছৰে দেশ বিদেশৰ পৰা আৰু স্থানীয় ভাৱে বহু লোকে প্ৰত্যক্ষ কৰে নীলমৰ এই সুন্দৰ পাম খন। পামত থকা প্ৰশিক্ষণ কেন্দ্ৰত বিভিন্ন কৃষকক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে এইজন যুৱ কৃষকে।

- Advertisement -

Hot this week

‘কেৰিয়াৰ হাতপুথি’ৰ উন্মোচন অনুষ্ঠান প্ৰসংগত

মাননীয় সম্পাদক মহোদয়, বহু পাঠকে মোক প্ৰশ্ন কৰে—‘কেৰিয়াৰ হাতপুথি’নামৰ কিতাপখনৰ...

Regarding the Launch Event of the Career Haatputhi

Dear Editor, Many readers have asked me—why was there no...

ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো...

শক্তিপীঠ মা-কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মেলা

নিলাচল পাহাৰস্থিত শক্তিপীঠ মা-কামাখ্যা ধামত অহা ২২ জুনৰ পৰা...

Topics

মুখ্যমন্ত্রীৰ সৈতে টেলিফোনিক বাৰ্তালাপত প্রধানমন্ত্ৰীঃ বুজ ললে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি ?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা...

শক্তিপীঠ মা-কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মেলা

নিলাচল পাহাৰস্থিত শক্তিপীঠ মা-কামাখ্যা ধামত অহা ২২ জুনৰ পৰা...

ৰাজ্যত বানৰ প্ৰকোপ আৰম্ভ: ডিব্ৰুগড়ত সন্ধানহীন ৪ জন লোক

■ ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
83 %
2kmh
100 %
Wed
25 °
Thu
33 °
Fri
34 °
Sat
34 °
Sun
33 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds