ৰঙিয়া শিৱ মন্দিৰৰ যাত্ৰী নিবাস আৰু শিৱ-দুৰ্গা ভৱন মুকলি

● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ || আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া শিৱ মন্দিৰ প্ৰাংগণত অসম চৰকাৰৰ অপৰিশোধিত আঁচনিৰ অধীনত ২০১৮-১৯ বর্ষৰ দহ লাখ টকাৰ অনুদানেৰে নিৰ্মিত ৰঙিয়া শিৱ মন্দিৰৰ যাত্ৰী নিবাস আৰু শিৱ-দুৰ্গা ৰাজহুৱা ভৱনটো মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ উপস্থিতিত শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই। এই ভৱন দুটাই আগন্তুক সময়ত ভক্ত প্ৰাণ ৰাইজৰ লগতে অন্যান্য ধৰ্মীয় অনুষ্ঠান আয়োজনত নিশ্চিতভাৱে সুবিধাজনক হ’ব বুলি আশা কৰা হৈছে। এই ভৱন দুটি মুকলিৰ শুভ মূহুৰ্তত ভক্ত প্ৰাণ ৰাইজৰ লগতে বহু সংখ্যক স্থানীয় ব্যক্তি আৰু মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*