■ বেংকৰ পৰা টকা উলিয়াবলৈ এজন ব্যক্তিৰ চৰম পদক্ষেপ গ্ৰহণ কৰা কাৰ্যই সমগ্ৰ দেশত খবৰটো বিয়পি পৰিছে। উক্ত ঘটনাই এতিয়া সমগ্ৰ দেশ কঁপাই তুলিছে। খবৰ অনুসৰি ওড়িশাৰ কেওনঝড় জিলাত এগৰাকী ব্যক্তিয়ে বেংক কৰ্তৃপক্ষৰ হাৰাশাস্তিত অতিষ্ঠ হৈ নিজৰ মৃত ভগ্নীৰ কংকাল লৈ বেংকত উপস্থিত হয়। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, মালিপোচিস্থিত ‘ওড়িশা গ্ৰামীণ বেংক’ৰ শাখাত জিতু মুণ্ডা নামৰ এজন ব্যক্তিৰ ভগ্নী কালৰাৰ এটা একাউণ্ট আছিল। যোৱা ২৬ জানুৱাৰীত কালৰাৰ মৃত্যু হয়। সেই একাউণ্টটোত প্ৰায় ২০ হাজাৰ টকা জমা আছিল। ভগ্নীৰ মৃত্যুৰ পিছত সেই টকাখিনি উলিয়াবলৈ ভাই জিতু মুণ্ডাই যোৱা তিনিমাহ ধৰি বেংকত উপস্থিত হৈছিল। বাৰে বাৰে ভগ্নীৰ মৃত্যুৰ কথা জনোৱাৰ পাছতো বেংক কৰ্মচাৰীসকলে তেওঁক টকা দিবলৈ অস্বীকাৰ কৰিছিল। বেংক কৰ্তৃপক্ষৰ মতে যাৰ নামত একাউণ্ট আছে, সেইগৰাকী ব্যক্তি নিজেই বেংকত উপস্থিত হ’ব লাগিব। বেংক কৰ্তৃপক্ষৰ এনে আচৰণত অতিষ্ঠ হৈ সোমবাৰে জিতুৱে পুৰণি কবৰ খান্দি ভগ্নীৰ কংকাল উলিয়াই আনে আৰু তাক এখন কাপোৰেৰে ঢাকি পোনে পোনে বেংকৰ দিশে আগবাঢ়ি যায়।
এই ঘটনাই ওড়িশাত ৰাজনৈতিক তথা সামাজিকভাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ মন্ত্ৰী সুৰেশ পূজাৰীয়ে কয় যে বেংক কৰ্তৃপক্ষৰ এনে অমানৱীয় আচৰণ গ্ৰহণযোগ্য নহয় আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
স্থানীয় প্ৰশাসনিক বিষয়া উমা শংকৰ দালায়ে জানিবলৈ দিয়ে যে জিতুৱে বেংকৰ নিয়ম-কানুন বা উত্তৰাধিকাৰী সংক্ৰান্তীয় আইনী দিশবোৰ ভালদৰে নাজানিছিল, যাৰ বাবে তেওঁ চৰম বিৰক্তিৰ সন্মুখীন হৈছিল। আৰক্ষীৰ উপস্থিতিত পুনৰ ভগ্নীৰ মৃতদেহটো কবৰ দিয়া হয় আৰু বেংকক নিৰ্দেশ দিয়া হৈছে যাতে উচিত প্ৰক্ৰিয়াৰে অতি সোনকালে জিতুক সেই ধন হস্তান্তৰ কৰা হয়।
উক্ত ঘটনাই সম্প্ৰতি আধুনিক বেংকিং ব্যৱস্থা আৰু সাধাৰণ মানুহৰ প্ৰতি থকা সংবেদনশীলতা আৰু মানৱীয়তাৰ অভাৱক পুনৰবাৰ প্ৰতীয়মান কৰিছে।



