
ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ খবৰ দেশখনৰ চৰকাৰী টেলিভিছনে প্ৰকাশ কৰিছে। খবৰ অনুসৰি আমেৰিকা আৰু ইজৰাইলে ইৰানৰ সামৰিক আৰু চৰকাৰী স্থানসমূহক লক্ষ্য কৰি চলোৱা বিমান আক্ৰমণত খামেনেইৰ মৃত্যু হয়। ইজৰাইলৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে ইতিমধ্যে খামেনেইৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে চৰকাৰী টেলিভিছনযোগে দিয়া ভাষণত ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৱে খামেনেইৰ মৃত্যু হোৱা বুলি আশংকা প্ৰকাশ কৰিছিল। ইৰানত খামেনেইৰ মৃত্যুত ৪০ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। ইৰানৰ সংবাদমাধ্যমৰ বাতৰি অনুসৰি আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত কমেও ২০১ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ৭০০ৰো অধিক লোক আহত হৈছে।



