■ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অহা ৪ৰ পৰা ১০ মে’লৈ দেশজুৰি ‘অগ্নি সুৰক্ষা সপ্তাহ ২০২৬’ পালন কৰাৰ ঘোষণা কৰিছে। এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা এখন পত্ৰত মন্ত্ৰালয়ৰ সচিব পুণ্য সলিলা শ্রীবাস্তৱে এই অভিযানৰ জৰিয়তে সমগ্ৰ দেশৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহত অগ্নি নির্বাপন আৰু সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব বুলি উল্লেখ কৰিছে৷
এই বছৰৰ অগ্নি সুৰক্ষা সপ্তাহ ‘সুৰক্ষিত বিদ্যালয়, সুৰক্ষিত চিকিৎসালয় আৰু অগ্নি সুৰক্ষাত সচেতন সমাজ – অগ্নি প্ৰতিৰোধত সমূহীয়া প্ৰচেষ্টা’ শীর্ষক বিষয়বস্তুৰে পালন কৰা হ’ব। এই অভিযানৰ লক্ষ্য হৈছে স্বাস্থ্যকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাৰ মাজত সজাগতা তথা নিয়মসমূব মানি চলাৰ প্ৰৱণতা বৃদ্ধি কৰা আৰু সুৰক্ষাৰ সংস্কৃতি গঢ়ি তোলা। মন্ত্রালয়ে এই কাৰ্যসূচী সফলৰূপে ৰূপায়ণৰ বাবে অনুষ্ঠানৰ সূচী, অগ্নি সুৰক্ষা শপতপত্র আদি প্রস্তুত কৰি সেয়া অনলাইনত উপলব্ধ কৰিছে।



