● দীৰ্ঘ দিনৰ পৰা গৌৰীপুৰ থানাৰ আটানী আৰক্ষীৰ অন্তৰ্গত বিভিন্ন এলেকাত অবৈধ চোৰাং গৰু সৰবৰাহৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে আণ্ডামাৰী পাৰঘাটৰ পৰা আৰক্ষীয়ে ৩টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। চোৰাং সৰ্বৰাহকাৰীয়ে আৰক্ষীৰ উমান পায় পলয়ন কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলাম বৰো বিষয়াই দায়িত্ব লোৱাৰ পিছৰে পৰা চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে মাৰাথন অভিযান চলোৱা পৰিলক্ষিত হৈছে।
News Reported: বিলাসীপাৰাৰ পৰা আলী আজাত ইছলাম



