
ৰাজ্যৰ আন প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰত দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। কাইলৈ সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰত মেষদাহ পৰ্বৰে আৰম্ভ হ’বলগীয়া এই উৎসৱৰ ৬ মাৰ্চত ধৰ্মীয় শোভাযাত্ৰাৰে সামৰণি পৰিব। পূৰ্বৰ দৰে দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱত লক্ষাধিক ভক্তৰ আগমন হব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে আশা প্রকাশ কৰিছে। বৰপেটা সত্ৰতো ৫ দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ অনুষ্ঠিত হ’ব।

মাজুলীৰ নগাওঁ, গোসাইবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰীফাকুৱা দৌলত ৩ দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত হ’ব। উৎসৱৰ লগতে সংগতি ৰাখি পানীতোলা, গোসাঁই কীর্তন, আধ্যাত্মিক সন্মিলন, দিহা নাম, ফাকুৱা নাম, দৌল যাত্রা আদি বিভিন্ন কার্যসূচী অনুষ্ঠিত হ’ব।

অন্তিম দিনা সন্ধিয়া শিশু শিল্পীসকলে ভাওনা পৰিবেশন কৰিব। কোচ বিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা ৪ মাৰ্চলৈ শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে কাইলৈ সত্ৰত গোন্ধপৰ্ব অনুষ্ঠিত হ’ব। মঙলবাৰে গোসাঁইক দৌলত প্ৰতিষ্ঠা কৰাৰ লগতে দিনজোৰা ভাগৱত পাঠ আৰু নাম-প্ৰসংগ অনুষ্ঠিত হ’ব। ৪ মাৰ্চৰ দিনা গোসাঁইক লৈ সমগ্ৰ মধুপুৰ অঞ্চল পৰিভ্ৰমণৰ কৰাৰ লগতে সেইদিনা সুঁৱেৰী পালন কৰা হ’ব।



