নাৰায়ণপুৰৰ জয়ন্ত কুমাৰ হাজৰিকা
ৰে’লৱে বিভাগে এটা গড়কাপ্তানী পথ বন্ধ কৰা অভিযোগ উত্থাপিত হৈছে।
তাক লৈ দেওবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে লখিমপুৰত।
লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত গাভৰু ৰে’ল ক্ৰচিঙটো বন্ধ কৰি দিয়াত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ।
আনহাতে ৪০ পৰা ৫০ খন গাৱৰ ৰাইজে অহা যোৱা কৰা এইটো গড়কাপ্তানী পথটো যদি বিভাগে বন্ধ কৰি দিয়ে একেবাৰে তেন্তে ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হ’ব বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে।
ৰেল বিভাগলৈ ৰাইজৰ দাবী পথটো পূৰ্বে দৰে চলাচল কৰিবলৈ সুবিধা কৰি দিবলৈ।
Leave a Reply