■ সমগ্ৰ বিশ্বৰ লগতে অসমতো ক’ভিড মহামাৰীয়ে ব্যাপকভাবে প্ৰভাৱ পেলাইছে। ক’ভিড মহামাৰীৰ নিৰ্মূলৰ বাবে লক ডাউন দিয়া হৈছে। এই লক ডাউনৰ ফলত স্তব্ধ হৈ পৰিছে সকলো কাম-কাজ।
একেদৰে বন্ধ হৈ পৰিছে ভ্ৰাম্যমান থিয়েটাৰ, সভা সমিতি, বিহু বা অন্যান্য সাংস্কৃতিক অনুষ্ঠানসমূহ। এই বন্ধৰ সময়ছোৱাত বহুতো প্ৰতিভাৰ সৃষ্টি হৈছে। নলবাৰী জিলাৰ উদীয়মান কণ্ঠ শিল্পী জোতিষ্মান ৰাজৰ কণ্ঠত কেইবাটাও গীতৰ ভিডিঅ’ ইতিমধ্যে মুক্তি লাভ কৰিছে।
এইবাৰো জোতিষ্মান ৰাজৰ কণ্ঠত শীঘ্ৰে মুক্তি লাভ কৰিব এটি গীতৰ ভিডিঅ’। ইতিমধ্যে নলবাৰীৰ পাগলদিয়া ৰিৰ্জটৰ লগতে বিভিন্ন স্থানত দৃশ্যগ্ৰহণ সমাপ্ত হৈছে। গীতৰ ভিডিঅ’ পৰিচালনা কৰিছে অভিনেতা, নৃত্যশিল্পী পংকজ তালুকদাৰে। সংগীত ব্যৱস্থাপনা চন্দন শৰ্মা, অভিনয়ত কৰিছে পংকজ তালুকদাৰ, নৱাগতা লভিতা, শিশু শিল্পী লিজা আৰু চাফিনে।
কেমেৰা কাম সৰ্ম্পন্ন সৌৰভৰ। সাজসজ্জা কৰিছে দিপ্তী সৰকাৰে। গীতটোক লৈ এতিয়া খুবে আশাবাদী পৰিচালক পংকজ তালুকদাৰ আৰু কণ্ঠ শিল্পী জোতিষ্মান ৰাজ। ইউটিউব চেনেলত পংকজ জে তালুকদাৰত অতি শীঘ্ৰে গীতৰ ভিডিঅ’ মুকলি কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
Leave a Reply Cancel reply