পশ্চিম জালুকবাৰী উন্নয়ন সমিতি গঠন

গুৱাহাটীৰ পশ্চিম জালুকবাৰী অঞ্চলৰ বাট – পথ , নলা – নৰ্দমাকে ধৰি সামগ্ৰিক বিকাশ , ৰাজহুৱা সমস্যা সমুহৰ সমাধানৰ লক্ষ্যৰে বিশদ আলোচনাৰ বাবে কালি লংকেশ্বৰস্থিত পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সমাজকৰ্মী ভাৰত চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্য বাখ্যা কৰে ধীৰাজ তালুকদাৰে ( চান ) । সভাত সৰ্বসন্মতি ক্ৰমে অঞ্চলটোৰ উন্নয়নৰ কাম – কাজ সমুহ সম্পন্ন কৰাৰ বাবে পশ্চিম জালুকবাৰী উন্নয়ন সমিতি নামেৰে এখন সমিতি গঠন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত সমাজকৰ্মী গিৰীশ গোস্বামীক সভাপতি , নৱ কুমাৰ কলিতাক কাৰ্যকৰী সভাপতি , বনবিলাস দাস ( হিলু ), ভোলানাথ ৰায় আৰু অৱনী গোস্বামীক উপ সভাপতি , ধীৰাজ তালুকদাৰ (চান) ক সাধাৰণ সম্পাদক, জয়ন্ত কলিতা, নীতুমণি দাস আৰু প্ৰহ্লাদ দাসক সহকাৰী সম্পাদক, নীলমণি শৰ্মাক কোষধক্ষ্য , ৰমেশ বৰাক সাহিত্য আৰু শিক্ষা সম্পাদক , গনেশ বৈশ্যক ক্ৰীড়া সম্পাদক , গোবিন্দ কলিতাক সাংস্কৃতিক সম্পাদক , ৰণীধৰ পাটোৱাৰী, সমুদ্ৰ কলিতা, ভাৰত চন্দ্ৰ দাস, কমল মহন্ত আৰু জয়ন্ত কলিতাক উপদেষ্টা হিচাপে লৈ পশ্চিম জালুকবাৰী উন্নয়ন সমিতিৰ ২৯ জনীয়া কাৰ্যকৰী সমিতিখন গঠন কৰা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*