দুধনৈত কংগ্ৰেছৰ বিজয়ঃ মাত্ৰ ৯৩২ ভোটৰ ব্যৱধানত যাদৱ স্বৰ্গীয়াৰীৰ হাতত পৰাজিত বিজেপিৰ প্ৰাৰ্থী শ্যামজিৎ ৰাভা

■কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ
গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ (জনজাতি) বিধান সভা সমষ্টিত বিজয়ৰ শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰীয়ে৷ স্বৰ্গীয়াৰীয়ে তেঁৱৰ মূল প্ৰতিদ্বন্দ্বী বিজেপিৰ প্ৰাৰ্থী শ্যামজিৎ ৰাভাতকৈ  ৯৩২ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে৷

কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰীয়ে ৭৭৩৮৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী শ্যামজিৎ ৰাভাই লাভ কৰে ৭৬৪৫২ টা ভোট লাভ কৰে৷ ইফালে সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাই লাভ কৰে ১৬৪২৪ টা ভোট৷

উল্লেখ্য যে মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা দুধনৈ সমষ্টিত আটাইতকৈ কম সংখ্যক ভোট লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থী অনিল ৰাভাই৷ অনিল ৰাভাই লাভ কৰে মাত্ৰ ৬৬৫ টা ভোট৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*