31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    চামগুৰিত ব্যাপক ৰিগিঙৰ অভিযোগ

    ▪️হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিক নস্যাৎ কৰিছে ঝাৰখণ্ডৰ জনতাই
    ▪️বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰিবলৈ ঘৰে ঘৰে যাব ভূপেন কুমাৰ বৰা
    ▪️সকলো সমষ্টিতে কংগ্ৰেছৰ প্ৰতি মানুহৰ সমৰ্থন বৃদ্ধি পাইছে

    গুৱাহাটীঃ বিজেপি বিৰোধী সকলো শক্তিক একত্ৰিত কৰিবৰ বাবে মানুহৰ ঘৰে ঘৰে যাব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা। একত্ৰিত বিৰোধীয়ে ‘লিলিত বহিলেহে বিজেপি হিলিব’ বুলি উল্লেখ কৰি বৰাই আজি কয় যে ২০২৬ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ৰাইজৰ আশীৰ্বাদ বিচাৰি বিজেপি বিৰোধী দল-সংগঠন, কবি, সাহিত্যিক, শিল্পীসহ সকলো ৰাইজৰ লগত কথা পাতিব আৰু পৰামৰ্শ গ্ৰহণ কৰিব। কোনো অহংকাৰ নোহোৱাকৈ ৰাইজৰ ওচৰলৈ যাব বুলি উল্লেখ কৰি বৰাই কয় যে বিধানসভাৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছে যথেষ্ট অভিজ্ঞতা লাভ কৰিছে আৰু চামগুৰিক বাদ দি আটাইকেইটা সমষ্টিতে বিজেপি বিৰোধী ভোট কংগ্ৰেছৰ সপক্ষে গৈছে। প্ৰসংগক্ৰমে তেওঁ কয় যে ধলাই সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীজনে যোৱা লোকসভা নিৰ্বাচনৰ ভোটৰ ব্যৱধান ৪০ হাজাৰৰ পৰা ১০ হাজৰলৈ কমাই আনিছে। একেদৰে বিহালীত কংগ্ৰেছৰ সপক্ষে ৫০০০ ভোট বৃদ্ধি পাইছে। ছিদলীত কংগ্ৰেছৰ সংগঠন শক্তিশালী হৈছে আৰু ভোট বৃদ্ধি পাইছে। বঙাইগাঁৱতো কংগ্ৰেছৰ সপক্ষে ৰাইজৰ সহাঁৰি আশাব্যঞ্জক বুলি উল্লেখ কৰি কয় যে চামগুৰিৰ পৰিস্থিতিয়ে তেওঁৰ অন্তৰত দুখ দিছে আৰু চামগুৰিত ব্যাপক হাৰত শাসকীয় দলে ৰিগিং কৰিছে। শাসকীয় দলে কৰা ৰিগিঙৰ বিষয়ে কংগ্ৰেছ দলে আগতীয়াকৈ উমান পাই দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ লগতে ৰাজ্যিক নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া সকলোকে অভিযোগ দিছিল আৰু বহিঃৰাজ্যত কৰ্মৰত চামগুৰিৰ ভোটাৰৰ ভোট ইভিএমত শাসকীয় দলে দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। চামগুৰিৰ বিষয়ে পৰ্যালোচনা কৰা হ’ব বুলিও বৰাই উল্লেখ কৰে। তেওঁ প্ৰসংগক্ৰমে কয় যে কৰ্ণাটকত কংগ্ৰেছ দলৰ চৰকাৰ আছে আৰু ৰাজ্যখনৰ উপ-নিৰ্বাচনত ৩টা বিধানসভা সমষ্টিৰ ভোটযুদ্ধত আটাইকেইটাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হৈছে। ঝাৰখণ্ডত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখথেকেচা খোৱা বুলি উল্লেখ কৰি বৰাই কয় যে এতিয়া সমগ্ৰ দেশতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা নেতাসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা অন্যতম বুলি চিহ্নিত হৈ পৰিছে। তেখেত য’লৈকে গৈছে তাতেই বিজেপিৰ পৰাজয় হৈছে বুলি উল্লেখ কৰি বৰাই কয় যে ৪ মাহ ঝাৰখণ্ডত থকাৰ পিছত অসমৰ পাৰ্টটাইম মুখ্যমন্ত্ৰীজনে ধাৰ-ঋণ লৈ অসম চৰকাৰক ডুবন্ত জাহাজলৈ পৰিণত কৰিছে। মুখ্যমন্ত্ৰীৰ আসনৰ মৰ্যাদা হিমন্ত বিশ্ব শৰ্মাই হানি কৰা বুলি উল্লেখ কৰি বৰাই কয় যে চামগুৰি সমষ্টিৰ নিৰ্বাচনৰ আগদিনা নিশা আঢ়ৈ বজাত বিজেপিৰ ২ বিধায়ক জিতু গোস্বামী আৰু ৰূপক শৰ্মাৰ লগত ভিডিঅ’ কলত কথা পাতি চামগুৰিত কি কৰিব লাগে সেই সন্দৰ্ভত পৰামৰ্শ দিছিল। নিৰ্বাচনত হৰা-জিকা আছেই বুলি উল্লেখ কৰি বৰাই কয় যে মুখ্যমন্ত্ৰী এজনে নিজকে ইমান ৰাজনৈতিক কৰি সাংবিধানিক বিধি-ব্যৱস্থাৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে। ইফালে, ৫টা বিধানসভা সমষ্টিৰ নিৰ্বাচনত জয়ী হোৱা ৫জন প্ৰতিনিধিক অভিনন্দন জ্ঞাপন কৰি বৰাই কয় যে ৱায়নাডত কংগ্ৰেছৰ অন্যতম মহাসচিব প্ৰিয়ংকা গান্ধীয়ে বিপুল ভোটত জয়ী হৈ কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সমৰ্থন বৃদ্ধি কৰাৰ কথাটোকে প্ৰমাণিত কৰিলে। কংগ্ৰেছ কৰ্মীসকলে এতিয়া আগতকৈয়ো দুগুণ উৎসাহেৰে কাম কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds