নীলাচল জাতীয় বিদ্যালয়ত শিশু দিৱস উদযাপন

বিগত বৰ্ষৰ দৰে এই বৰ্ষও নীলাচল জাতীয় বিদ্যালয়ত ত্ৰয়োদশ সংখ্যক শিশু দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই। বিদ্যালয়ৰ পৰম্পৰা অনুসৰি শিশু দিৱসৰ সম্পূৰ্ণ কাৰ্যসূচি তথা অনুষ্ঠন পৰিৱেশন শিক্ষক-শিক্ষয়িত্ৰী সকলৰ দ্বাৰা কৰা হয়৷ছাত্ৰ-ছাত্ৰী সকলক দৰ্শক হিচাপে উক্ত অনুষ্ঠন কেৱল উপভোগহে কৰিবলৈ দিয়া হয়৷
শিক্ষক-শিক্ষয়িত্ৰী সকলৰ দ্বাৰ আয়োজিত অনুষ্ঠানত আঁতধৰে শিক্ষক গণেশ বৰুৱাই সভাপতিৰ দায়িত্বত থাকে বিদ্যালয়ৰ শিক্ষয়িত্ৰী বন্দিতা শৰ্মা। সভাৰ উদ্দেশ্য বাখ্যা কৰে গণেশ বৰুৱাই আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় শিক্ষয়িত্ৰী তুলিকা দেৱীয়ে। উক্ত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিংকু মজুমদাৰে সৃজনীমূলক গীতত নৃত্য পৰিৱেশন কৰে।

শিক্ষয়িত্ৰী মানসী খনিকৰে “অস্ত আকাশৰে হেঙুলীয়া ৰহন” শীৰ্ষক ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে। শিক্ষক বিপুল চন্দ্ৰ দাসে‌ মায়া মাথো মায়া আৰু সোণ ৰূপেৰেও জুখি চাব নোৱাৰো শীৰ্ষক জুবীন গাৰ্গৰ দুটি গীত পৰিৱেশন কৰে। বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতা আৰু শিক্ষয়িত্ৰী জুমি ডেকাই জৱাহৰলাল নেহৰুদেৱৰ জীৱনৰ আধাৰত। আলোকপাত কৰে। শিক্ষয়িত্ৰী ৰিংকু মজুমদাৰ, পম্পী কলিতা, বৰষা দাসে সৃজনীশীল গীত পৰিৱেশন কৰে। যোগাসনৰ শৈলী প্ৰদৰ্শন কৰে বিদ্যালয়ৰ যোগ বিষয়ৰ শিক্ষয়িত্ৰী ধৃতি কুমাৰী আৰু মমী বড়োৱে। শিক্ষয়িত্ৰী সুস্মিতা গগৈ বাইদেৱে ফেশ্বন শ্ব’ প্ৰদৰ্শন কৰে। ছাত্ৰ ছাত্ৰীসকলক মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে বিদ্যালয়ৰ শিক্ষয়িত্ৰী মানসী দাস আৰু পম্পী কলিতাই কৌতুক অভিনয় কৰে। শিক্ষয়িত্ৰী সংগীতা ঠাকুৰীয়া, বন্দিতা শৰ্মা, সুস্মিতা গগৈ আৰু জুমি ডেকাই বিয়ানাম, বিহুগীত, হোলীগীত, প্ৰদৰ্শন কৰে। শিক্ষক গণেশ বৰুৱাই লক্ষ্মীনাথ বেজবৰুৱাৰ গীতত নৃত্য প্ৰদৰ্শন কৰে। বিদ্যালয়ৰ সংগীত বিষয়ৰ শিক্ষক মানস ৰাভা আৰু গণেশ বৰুৱাই গীত পৰিৱেশন কৰাৰ লগতে শিক্ষক দীপাংকৰ বৰুৱাই দৰঙীয়া কৃষ্টিৰ নাঙেলী গীত পৰিৱেশন কৰে। তুলিকা দেৱীয়ে ‘সাগৰ দেখিছা’ শীৰ্ষক কবিতাটি আবৃত্তি কৰে। সভাপতিৰ দায়িত্বত থকা বন্দিতা শৰ্মাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুআষাৰ কোৱাৰ লগতে অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পেলাই৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*