ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপঃ
জগত গুৰু মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ তম্ আৰ্বিভাব মহোৎসৱ ৰঙিয়া শ্ৰীমন্ত শংকৰদেৱ সত্ৰত ২ দিনীয়াকৈ অনুষ্ঠিত হয়। ১১ আৰু ১২ অক্টোবৰত দুই দিনীয়া কৈ অনুষ্ঠিত হোৱা এই মহোৎসৱত কেইবাটাও ধৰ্মীয় কাৰ্যসূচী হাতত লোৱা দেখা গৈছে। দ্বিতীয় দিনাৰ কাৰ্যসূচী মৰ্মে ৰাতিপুৱা ১০ বজাত ৰঙিয়া চহৰত এক ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই। এই শোভাযাত্ৰাত কেইবা শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰি ধৰ্মীয় নাম প্ৰসঙ্গ কীৰ্তনেৰে পদপথ মুখৰিত কৰি তোলে। ইয়াৰ পিছত ৰঙিয়া শ্ৰীমন্ত শংকৰদেৱ সত্ৰত নাগাৰা নাম, ধৰ্মীয় সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । এই সকলো কাৰ্যসূচীত ৰঙিয়াৰ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Leave a Reply Cancel reply