31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা’ আঁচনিৰ অধীনত শিৱসাগৰত ছাত্ৰী সকলক আৰ্থিক অনুদান প্ৰদান

    ◊ বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধ কৰি ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে আৰম্ভ কৰা এই আঁচনিৰ অধীনত আজি শিৱসাগৰ সমষ্টিৰ ১৫৭০ গৰাকী ছাত্ৰীক ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা’ আঁচনিৰ আৰ্থিক অনুদানৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হয়। এই উপলক্ষে আজি শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত অনুষ্ঠিত অনুষ্ঠানত জিলা আয়ুক্ত আয়ুস গৰ্গৰ উপস্থিতিত অসম চৰকাৰৰ নগৰীয়া পানী যোগান আৰু পয় প্ৰণালীৰ অধ্যক্ষ কুশল দুৱাৰীয়ে ছাত্ৰী সকলক আনুষ্ঠানিক ভাৱে আঁচনিৰ ধনৰ ধনাদেশ পত্ৰ(চেক) প্ৰদান কৰে। গুৱাহাটীৰ লগতে জিলা খনৰ আমগুৰি, নাজিৰা, ডিমৌত সমান্তৰাল ভাৱে অনুষ্ঠিত অনুষ্ঠানত আজি জিলাখনৰ ৩৩৮০ গৰাকী ছাত্ৰীক এই আঁচনিৰ ধন বিতৰণ কৰা হয়।

    উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলে প্ৰতিমাহে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন। আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে দুমাহ বাদ দি বাকী ১০ মাহে মাহেকত ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। তেওঁলোকে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নোহোৱা পৰ্যন্ত প্ৰতিমাহে নিজৰ বেংক একাউণ্টত এই ধন লাভ কৰিব। সেইদৰে স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব। আনহাতে স্নাতকোত্তৰ মহলাত আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব ২৫০০ টকাকৈ। জুন আৰু জুলাই মাহক বাদ দি বাকী ১০ মাহত প্ৰতিমাহে ছাত্রীসকলে নিজৰ একাউণ্টত এই ধন লাভ কৰিব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds