পৰিস্মিতা ফুকনৰ কণ্ঠত ‘তোমাৰ গানে’ শীৰ্ষক মনপৰশা নতুন গীত

● দেৱজিত বৰা

বুনিয়াদ মিউজিকেল প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু অৰ্পণা বড়াৰ দ্বাৰা প্ৰযোজিত এটি নতুন মনপৰশা গীত জনপ্ৰিয় কণ্ঠশিল্পী পৰিস্মিতা ফুকনৰ কণ্ঠত শুভমুক্তিৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে ৷

‘তোমাৰ গানে’ শীৰ্ষক গীতটিৰ কথা অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় কবি,গীতিকাৰ তথা চিন্তাশীল লেখক ভূষণজ্যোতি সন্দিকৈৰ। গীতটিৰ সুৰ কৰিছে ‘অসমীয়া প্ৰতিদি’ন কাকতৰ জেষ্ঠ্য সহকাৰী সম্পাদক তথা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ ,সুৰকাৰ মণি মহন্তই ৷

দেৱজিত বৰাৰ পৰিকল্পনাৰে গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছে লক্ষ্যজিত বৰুৱাই ৷ উল্লেখ্য যে অতি শীঘ্ৰে পৰিস্মিতা ফুকনৰ কণ্ঠত মুক্তি লাভ কৰিব লগা গীতটিয়ে সংগীত প্ৰেমী শ্ৰোতা – দৰ্শকক এক নতুনত্বৰ স্বাদ দিব বুলি আশা কৰিব পাৰি ৷

ফোনঃ ৬০০০৮১৩৩১৬

Be the first to comment

Leave a Reply

Your email address will not be published.


*