
বিজেপি মনোনয়ন প্ৰাৰ্থী ৰঞ্জিত দত্তই আজি দাখিল কৰিব মনোনয়ন পত্ৰ
প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ আজি অন্তিমটো দিন মনোনয়ন পত্ৰ দাখিল কৰা। ইফালে পুৱাই আজি ১১ নং শোণিতপুৰ লোক সভা সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ জন্ম স্থান হাতী বন্ধা গাৱঁৰ নামঘৰত উপস্থিত হৈ সেৱা লয় । আনহাতে জন্ম স্থান গাৱঁৰ ৰাইজক কাষত পাই ৰঞ্জিত দত্ত আবেগিক হৈ পৰা দেখা গ’ল। দত্তই প্ৰকাশ কৰে যে এই গাওঁৰ মোৰ জন্ম আৰু এই গাওঁ এই বৰ নামঘৰৰ পৰাই মই ৰাজনীতি জীৱন আৰম্ভ কৰিছিলোঁ ।গতিকে আজি মই পুনৰ ৰাইজক কাষত পাই মই আবেগিক হৈ পৰিছোঁ এয়া আনন্দৰ চকু পানী বুলি উল্লেখ কৰে প্ৰাৰ্থী গৰাকীয়ে ।
Leave a Reply Cancel reply