গুৱাহাটীঃ নলবাৰী জিলাৰ ঐতিহাসিক কঠালবাৰী কদমতলাত বিগত বছৰৰ দৰে বৃহস্পতি বাৰে উলহ-মালহেৰে চতুৰ্দশ বাৰ্ষিক শ্ৰীশ্ৰী শিৱৰাত্ৰি উদযাপন কৰা হয়। পূজা উদযাপন সমিতিৰ হেমন্ত বৰ্মনে পূজাৰ ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা, আয়তীৰ নাম, চিত্ৰাংকণ প্ৰতিযোগিতা আৰু আন বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
ইপিনে নিশাৰ ভাগলৈ আয়োজিত নাগাৰানাম অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকি বিশিষ্ট লেখিকা মনীষা শৰ্মাই কয় যে, অসমীয়া সমাজত নাগাৰা নামৰ দৰে ধৰ্মীয় পৰিবেশ্য কলাবোৰে যুগ-যুগ ধৰি শান্তি আৰু আধ্যাত্মিক পৰিৱেশ বজাই ৰাখিবলৈ সক্ষম হৈছে।
আনহাতে একেটা অনুষ্ঠানতে বিভিন্ন ক্ষেত্ৰৰ সন্মাননীয় অতিথি হিচাপে উপস্থিত আছিল ক্ৰমে সত্য ৰাজবংশী, চণ্ডীচৰন ৰাজবংশী,কৰুণা কান্ত তালুকদাৰ, নবীন বৰ্মন, সাংবাদিক ভাৰত ৰাজবংশী, বিপুল কলিতা আদি। সন্ধিয়া শিৱ পূজা উদযাপন কমিটিৰ কৰ্মকৰ্তা সকলৰ সমূহীয়া বন্তি প্ৰজ্বলন কৰাৰ পাছতে আৰম্ভ হয় পূজাৰ মাংগলিক কাৰ্য।
Leave a Reply