অসম ৰাইফলছ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন আৰু যোগ আয়োজন

অসম ৰাইফলছ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন আৰু যোগ আয়োজন

অসম খবৰ ডিজিটেল বিশ্বনাথ ৬ জুন:-
অসম ৰাইফলছ মুখ্য কাৰ্যালয় ২১ ৰ অধীনত শোণিতপুৰ লখৰা বিএন আৰু মহাপৰিদৰ্শক অসম ৰাইফলছ (পূব)য়ে বিশ্ব পৰিৱেশ দিৱস লগত সংগতি ৰাখি গছ পুলি ৰোপণ লগতে যোগ কাৰ্যসূচী আয়োজন কৰে।


অনুষ্ঠানটোৰ সময়ত অশোক গছ, মধুৰিআম আৰু হাতী আপেল মুঠ ১০০ টা গছপুলি ৰোপণ কৰে অসম ৰাইফলছ তৰফৰ পৰা। যোগাভ্যাসও ইয়াত পৰিচালনা কৰে শোণিতপুৰ আৰু অসমৰ বিশ্বনাথ জিলাৰ লখৰা গেৰিছন, ইটাখোলা, বালিপুখৰী আৰু ঢেকিয়াজুলিৰ বিভিন্ন স্থানত।

অসম ৰাইফলছ ফটো

অনুষ্ঠানটোৰ উদ্দেশ্য আছিল পৰিৱেশ সুৰক্ষিত কৰিবলৈ সকলোকে আৰু স্থানীয় লোকৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু পৰিৱেশ পৰিস্কাৰ কৰা।

আয়োজিত অনুষ্ঠানটোত মুঠ ১২০ জন অসম ৰাইফলছৰ কৰ্মী আৰু অসামৰিক লোকে অংশগ্ৰহণ কৰে।বিশ্ব পৰিৱেশ দিৱস উদযাপন উপলক্ষে ৫ জুন দেওবাৰে অসম ৰাইফলছ মুখ্য কাৰ্যালয় ২১ চেক্টৰ অসম ৰাইফলছ আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছ (পূব)ৰ অধীনত লখৰা বিএন-এ বৃক্ষ ৰোপণ অভিযান আৰু যোগৰ আয়োজন কৰিছিল বুলি এক প্ৰেছ বিবৃতি জৰিয়তে জানিবলৈ দিয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*