Thursday, May 29, 2025
26.9 C
Guwahati
TOP NEWS:

ৰামধেনু যুগৰ গল্প লিখক নিত্যানন্দ তামূলীৰ বিয়োগ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট গল্পলেখক শ্রীনিত্যানন্দ তামূলীৰ যোৱা ১৩ নৱেম্বৰৰ দিনা বিয়লি ৩.১৫ বজাত গুৱাহাটীৰ ছয়মাইলস্থিত ‘আকাংক্ষা মেন্‌ছন’ৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। তামূলীয়ে ১৯৫৭ চনত গোলাঘাটৰ ঢেকিয়াল হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজ আৰু বি. বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গুৱাহাটীৰ পৰা প্ৰকাশিত বাৰ্ষিক সংখ্যা ‘নীলাচল’ আৰু পৰৱৰ্তী সময়ত প্ৰকাশ পোৱা ‘সাপ্তাহিক নীলাচল’কাকতৰ সম্পাদনা বিভাগত কাৰ্যনিৰ্বাহ কৰে। তেখেতে আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ভাষা-সাহিত্য সম্পর্কীয় বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে এগৰাকী নাট্যকাৰ হিচাপেও পৰিচয় লাভ কৰে। শশী ফুকনৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত ‘বিস্ময়’আলোচনী প্ৰকাশ আৰু পৰিকল্পনাত তামূলীৰ ভূমিকা আছিল অনন্য।
তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্রণয়ন বিভাগত নিযুক্তি লাভ কৰে আৰু সচিব ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। পৰৱৰ্তী সময়ত বিভাগীয় সচিবৰূপে কাৰ্যভাৰ গ্ৰহণ কৰি ২০০২ চনত অৱসৰ গ্ৰহণ কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া মাধ্যমৰ উচ্চ শিক্ষাৰ পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত তেখেত সমন্বয় আৰু সম্পাদনাৰ দায়িত্ব বহন কৰিছিল। অৱসৰকালীন সময়ত সামাজিক দায়বদ্ধতাৰে বিভিন্ন সামাজিক আৰু সাহিত্য সংস্কৃতিৰ অনুষ্ঠানৰ সৈতে নিবিড়ভাৱে জড়িত আছিল। তেখেত আছিল গ্ৰন্থ প্ৰকাশন আৰু মুদ্ৰণ ব্যৱস্থাৰ এগৰাকী অভিজ্ঞ ব্যক্তি। তামূলীৰ ১৯৪০ চনৰ ২৮ ফেব্ৰুৱাৰীত গোলাঘাটত জন্ম গ্রহণ কৰিছিল। তেখেতৰ দেউতাক আছিল ডিম্বেশ্বৰ তামূলী আৰু মাতৃ আছিল ডালিমী তামূলী। তামূলীয়ে মৃত্যুৰ সময়ত পত্নী আৰু এগৰাকী কন্যাসহ বহু আত্মীয় স্বজন আৰু গুণমুগ্ধক এৰি থৈ গৈছে। সন্ধ্যা অগণন গুণমুগ্ধৰ উপস্থিতিত ‘ভূতনাথ’শ্মশানত তামূলীৰ শেষকৃত্য সম্পন্ন কৰা হয়। উল্লেখ্য যে তামূলী শিশু আলোচনী ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ৰ সম্পাদক শান্তনু তামূলীৰ জ্যেষ্ঠ ভাতৃ।

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
26 °
Fri
24 °
Sat
30 °
Sun
28 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds