31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    শৰাইঘাট দলঙৰে গুৱাহাটীৰ জালুকবাৰী, আজাৰা, ৰাণীৰ মাজেৰে মেঘালয় সীমান্ত হৈ বাংলাদেশলৈ ট্ৰাকঃ লঘু বাহনত সৰবৰাহ হৈ আছে গৰু; নিৰ্বিকাৰ আৰক্ষী-প্ৰশাসন

    ৰাণীঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ গো- সৰবৰাহকাৰীৰ বিৰুদ্ধে মাজে সময়ে অভিযান চলাই থাকিলেও অসমৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাজেৰে এতিয়াও প্ৰায় নিয়মীয়াভাবে বাংলাদেশলৈ সৰবৰাহ হৈ আছে গৰু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজে সময়ে গুৱাহাটীৰ যোৰাবাটত চলোৱা অভিযানত আৰক্ষীয়ে ট্ৰাক বা আন তেনে বাহনত সৰবৰাহ কৰা গৰু জব্দ কৰে যদিও, সেয়া এপাচি শাকত এটা জালুকৰ দৰে হৈ পৰিছে। জানিব পৰা মতে গৰু সৰবৰাহকাৰীয়ে শেহতীয়াকৈ উত্তৰ কামৰূপৰ দিশৰ পৰা শৰাইঘাট দলঙৰে জালুকবাৰী, আজাৰা, ৰাণীৰ মেঘালয় সীমান্তবৰ্তী শুকুৰবৰীয়া হৈ এন ই চি পথেৰে মেঘালয়ৰ জিৰাং, মাইৰাং হৈ পশ্চিম খাছী পাহাৰ জিলাৰ মাজেৰে বাংলাদেশলৈ ট্ৰাক বা আন লঘূ বাহনত প্ৰায় নিয়মীয়াকৈ গৰু সৰবৰাহ কৰি আছে। আনকি ৰাণীৰ মেঘালয় সীমান্তবৰ্তী অঞ্চলৰ একাংশ বাসিন্দাই সদৰি কৰা অনুসৰি ট্ৰাকৰ ওপৰত ট্ৰিপালৰে ঢাকি অতি কৌশলৰে এনেকৈ গৰু সৰবৰাহ কৰে যে আপাত দৃষ্টিত ধৰিবই নোৱাৰি যে সেই ট্ৰাকত গৰু সৰবৰাহ কৰা হৈছে। লক্ষণীয় যে গৰু সমূহক চাৰিওখন ভৰি আৰু গলত লৰচৰ কৰিব নোৱাৰাকৈ অতি নিষ্ঠুৰভাৱে বান্ধি মজিয়াত পেলাই লৈ যোৱা হয়।

    একেদৰে ৰাণীৰ পৰা কিছু নিলগৰ লোহাৰঘাটৰ মাজেৰে দক্ষিণ কামৰূপৰ দিশৰ পৰা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পলাশবাৰী থানাৰ অধীনৰ অসম মেঘালয় সীমান্তবৰ্তী অঞ্চল ক্ৰমে- মাটাইখাৰ, ৰংচাই, বাখালাপাৰা, পাটগাঁও, জিমিৰগাঁও, উমচুৰ আদিৰ বিভিন্ন পথৰে দিনে নিশাই অহৰহভাবে নম্বৰপ্লেটযুক্ত আৰু নাম্বাৰপ্লেট বিহীন ডি আই বা পিক আপভানৰ দৰে চাৰিচকীয়া লঘু বাহনত দৈনিক চোৰাংকৈ মেঘালয়লৈ গৰু সৰবৰাহ হৈ আছে। এই কাৰ্যত গো-সৰবৰাহকাৰী সকলক ধনৰ বিনিময়ত সহযোগিতা আগবঢ়াই আহিছে সেই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় দল -সংগঠন, ক্লাব আদিৰ একাংশ নেতা কৰ্মকর্তাই। প্ৰাপ্ত খবৰ মতে অঞ্চলটোৰ গাতে লগা মেঘালয়ৰ ৰিভয় জিলাৰ পাথাৰখামাৰ দিশে দৈনিক প্রায়ে গৰু সৰবৰাহ কৰা প্রত্যক্ষ কৰি আহিছে অঞ্চলটোৰ বহুলোকে। জানিব পৰা মতে পলাশবাৰী থানাৰ অন্তর্গত কিন্তু আৰক্ষীৰ পহৰা ব্যৱস্থা নথকা পশ্চিম গুৱাহাটীৰ মাটাইখাৰ, ৰংচাই, পাটগাঁও, বাখলাপাৰা, জিমিৰগাঁও, উমচুৰ আদি সীমান্তবর্তী অঞ্চলৰ বাট পথ সমূহ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত দলংসহ উন্নয়ন সাধন হোৱাত এতিয়া গো-মাফিয়া সকলে সেই পথ ব্যবহাৰ কৰি মেঘালয়ৰ ৰিভয় জিলাৰ একাংশ দুর্নীতিগ্ৰস্ত আৰক্ষীৰ সহযোগত ৰাণীগুদাম-মাইৰাং পথৰে সৰুপাহাম, জিৰাং, পাথাৰখামা হৈ বাংলাদেশলৈ কৌশলেৰে চোৰাংকৈ গৰু সৰবৰাহ কৰি আহিছে। গো মাফিয়া চক্ৰটোৱে মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰা গৰু সমূহ দক্ষিণ কামৰূপৰ গৰৈমাৰী, সোণতলী নগৰবেৰা, কালাতলীৰ উপৰিও বৰপেটা জিলাৰ বহৰি আদি অঞ্চলৰ পৰা সংগ্ৰহ কৰে।

    তাৰ পাছত চেগ বুজি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বিজয়নগৰৰ মাজেৰে মুছলিম সৰপাৰা, ৰঙামাটি, বাকাৰাপাৰা, পাৰাকুছি, বৰবাকাৰা, লোহাৰঘাট হৈ গাড়ীৰলিকলৈ আহে গৰুভৰ্ত্তি বাহনসমূহ। তাৰ পৰা মাটাইখাৰ, পাটগাঁও, ৰংচাই, বাখলাপাৰা, জিমিৰগাঁও, উমচুৰ হৈ ভাগে ভাগে সেই গৰু অনা টাটা ডি আই বা বলেৰো পিকআপ ভান সমূহ, মেঘালয়ৰ ৰিভয় জিলাৰ ৰাণীগুদাম-মাইৰাং পথৰে সৰুপাহাম, জিৰাং, পাথাৰখামাত প্ৰৱেশ কৰে। তাত নিৰ্দিষ্ট স্থানত গৰুসমূহ নমাই দি বাহন সমূহ পুনৰ উভতি আহে। প্ৰাপ্ত অভিযোগ মতে বাহনৰে গৰুবোৰ আনি বৰদুৱাৰ বাগানৰ ওচৰৰ নতুন চিমিনাবস্তিৰ এঘৰত এদিন বা দুদিন ৰাখি থোৱা হয়।

    ইফালে শৰাইঘাট দলঙৰে জালুকবাৰী, আজাৰা ৰাণী হৈ মেঘালয়লৈ গৰু সৰবৰাহ হৈ থকাৰ দৰে গুৰুত্বপূৰ্ণ আৰু অতি স্পৰ্শকাতৰ বিষয়টোত গুৱাহাটী মহানগৰ আৰক্ষীৰ নৱনিযুক্ত আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তই কি ব্যবস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব। যাৰ বাবে সচেতন লোকসকলে নৱনিযুক্ত আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তক গুৱাহাটীৰ মাজেৰে জালুকবাৰী-আজাৰা- ৰাণী হৈ মেঘালয়লৈ ট্ৰাকত কৌশলৰে গৰু সৰবৰাহ কৰা বিষয়টোত বিশেষ ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ইফালে কামৰূপ জিলাৰ ছয়গাঁও আৰু পলাশবাৰী থানাৰ লগতে বিজয়নগৰ আৰক্ষী চকীয়ে দেখুওৱা ৰহস্যজনক ভূমিকাই ৰাইজৰ মাজতো সন্দেহৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোত এই পর্যন্ত আৰক্ষীৰ কোনো পহৰা ব্যৱস্থা নাই। যাৰবাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মধ্যবর্তী আৰু সকলো ফালৰ পৰা যোগাযোগৰ সুচল স্থান হিচাপে পৰিচিত মাটাইখাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ বা মাটিফুটা সত্ৰৰ সমীপত আৰক্ষী চকী বা পহৰা চকী স্থাপন কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds