Thursday, May 29, 2025
26.4 C
Guwahati
TOP NEWS:

মন্ত্ৰী পীয়ুষ হাজৰিকাক ওভতি ধৰিলে কংগ্ৰেছ নেতা বেদব্ৰত বৰাই

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

▪️ উপ-নিৰ্বাচনত সাংবাদিকক সুৰক্ষা প্ৰদানতো ব্যৰ্থ এই চৰকাৰ

গুৱাহাটীঃ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত শাসকীয় দলে নিৰ্বাচন আয়োগক নিজৰ পক্ষত ব্যৱহাৰ কৰাৰ যি অপচেষ্টা চলালে সেয়া নজিৰবিহীন। চামগুৰি আৰু বিহালী সমষ্টিত কংগ্ৰেছ কৰ্মীৰ ওপৰত নিৰ্মম প্ৰহাৰ আৰু অকথ্য নিৰ্যাতন চলাৰ কথা সৰ্বজনবিদিত। তাৰপিছতো আজি জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই উপ-নিৰ্বাচনত কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ চলোৱা বুলি কৰা অভিযোগ হাস্যকৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আজি এক প্ৰেছ বিবৃতিত এইদৰে কয়। বৰাই কয়, চামগুৰি বিধানসভা সমষ্টিত ২৪ অক্টোবৰত বিজেপি কৰ্মীয়ে সাংবাদিকৰ ওপৰত আক্ৰমণ চলাইছিল। মন্ত্ৰী পীয়ুষ হাজৰিকাই সেই সময়ত প্ৰতিবাদস্থলীলৈ গৈ দুষ্কৃতিকাৰীক কঠোৰ শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিজৰ দলৰ কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস নহ’ল মন্ত্ৰীজনৰ। উপ-নিৰ্বাচনত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কেবাজনো সাংবাদিক দুষ্কৃতিকাৰীৰ হাতত বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছতো সংবাদকৰ্মীসকলক সুৰক্ষা প্ৰদানত ব্যৰ্থ হ’ল জনসংযোগ মন্ত্ৰীগৰাকী। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হোৱা এই আক্ৰমণ আৰু নিৰ্বাচনৰ সময়ত কংগ্ৰেছ বিধায়কসকলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দিয়াৰ পিছতো কোনো ব্যৱস্থা চৰকাৰে নকৰিলে। এইখন চৰকাৰৰ পৰা কোনো গণতান্ত্ৰিক প্ৰমূল্যবোধ আশা কৰিব নোৱাৰি বুলি উল্লেখ কৰি বৰাই কয় যে চামগুৰি সমষ্টিত ব্যাপক ৰিগিং হোৱা বুলি নিৰ্বাচন আয়োগৰ ওচৰত কংগ্ৰেছে অভিযোগ দিবলগীয়া হৈছে। চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে সমষ্টিটোৰ ১৯টা ভোট কেন্দ্ৰত ৰিগিং হোৱা বুলি অভিযোগ কৰি পুনৰ ভোটগ্ৰহণৰ দাবী জনাইছে। এই কথাই প্ৰমাণ কৰিছে যে উপ-নিৰ্বাচনত শাসকীয় দলৰ চৰকাৰে গুণ্ডাগিৰি আৰু ৰিগিঙত লিপ্ত হৈছে। নিৰ্বাচন আয়োগৰ ওচৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা কেবাবাৰো মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনোৱা হৈছিল। কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আয়োগে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। ইফালে, সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই বিহালীত লুকাই-চোৰকৈ কোনো কাম কৰা নাই বুলি উল্লেখ কৰি বৰাই কয় যে গৌৰৱ গগৈ ডাঙৰীয়াই যি কৰিছে ৰাইজ আৰু কেমেৰাৰ সন্মুখত থাকি কৰিছে। গৌৰৱ গগৈয়ে বিজেপিৰ নেতা-কৰ্মীৰ দৰে ৰাতিৰ আন্ধাৰত কাম কৰা নাই বুলিও উল্লেখ কৰি ভৱিষ্যতে ৰাইজৰ সাংবিধানিক অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো পক্ষক অধিক সচেতন হ’বৰ বাবে বৰাই দাবী জনায়। লগতে, মন্ত্ৰী পীয়ুষ হাজৰিকাক সাংবিধানিক শপত লৈ সম-অধিকাৰৰ হকে কাম কৰিবলৈ আহ্বান জনাই কঠোৰ ভাষাৰে সমালোচনা কৰে।

- Advertisement -

Hot this week

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds