31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ আশা কৰ্মী- আশা ছূপাৰভাইজ- স্বাস্থ্য স্বয়ংসেৱকৰ সভা

    ক’ভিড ১৯ বিৰূদ্ধে চলি থকা যুদ্ধত ১০০ জয় নিশ্চিত কৰাৰ বাবে নলবাৰী সমষ্টিৰ অন্তৰ্গত প্ৰতিজন নাগৰিককেই ১০০ শতাংশ টিকাকৰণ নিশ্চিতকৰণৰ উদ্দেশ্য নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা উদ্যোগত নলবাৰী স্বাস্থ্য বিভাগৰ সহযোগত নলবাৰী সমষ্টিৰ আশাকৰ্মী,আশা চুপাৰভাইজৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ স্বাস্থ্য স্বয়ং সেৱকসকলৰ আজি ঘগ্ৰাপাৰ হৰিমন্দিৰত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।

    বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই উপস্থিত থাকি প্ৰতিজন স্বাস্থ্যকৰ্মী তথা আশাকৰ্মী সকলক ভাৰতীয় জনতা পাৰ্টীৰ স্বাস্থ্য স্বয়ং সেৱক সকলৰ সহযোগত ১০০ শতাংশ টিকাকৰণৰ বাবে নিষ্ঠা সহকাৰে কাম কৰি উক্ত যুদ্ধত জয় নিশ্চিত কৰাৰ বাবে আহ্বান জনায়।


    উক্ত সভাত ভাৰতীয় জনতা পাৰ্টীৰ “বড়িগোগ বনভাগ মণ্ডল সমিতি”ৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সম্পাদক শ‍্যামন্ত শৰ্মা, নলবাৰী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচু, ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য বিষয়া ডাঃ এন্ বিনয় শৰ্মা,মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিলীপ কলিতাকে ধৰি বড়িগোগ বনভাগ স্বাস্থ্য স্বয়ংসেৱকৰ আহ্বয়ক বিশ্বজ‍্যোতি কলিতা,ধৰিত্ৰী ডেকা,সবিতা বৈশ‍্য, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য তথা স্বাস্থ্যকৰ্মী জোন বৰ্মণৰ উপৰিও বড়িগোগ মণ্ডল সমিতিৰ বিষয়ববীয়া সকল আৰু আশা কৰ্মী-আশা ছুপাৰভাইজাৰসকলক উপস্থিত থাকে।

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds