Friday, May 30, 2025
24.2 C
Guwahati
TOP NEWS:

থানা জ্বলোৱাৰ লগত জড়িত কাকো ৰেহাই দিয়া নহ’ব : মন্ত্ৰী পীযুষ হাজৰিকা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

নগাঁও,২২ মে’ : নগাঁৱৰ বটদ্ৰৱাত সংঘটিত শনিবাৰৰ ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সম্প্ৰতি উত্তেজনা অব্যাহত আছে বটদ্ৰৱা অঞ্চলত । বটদ্ৰৱা থানা জ্বলাই দিয়া কাৰ্যত জড়িত তিনিজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । আটকাধীন লোক কেইগৰাকী ক্ৰমে মজিবুৰ ৰহমান, ৰফিকুল ইছলাম আৰু আনুৱাৰ হুছেইন বুলি জানিব পৰা গৈছে ।

ইফালে তিনিওগৰাকী অভিযুক্ত জুৱা খেলকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত বুলি জানিব পৰা গৈছে । নিশা নগাঁও সদৰ আৰক্ষী থানাতে তেওঁলোকক জেৰা চলোৱা হৈছে । আনহাতে থানা জ্বলোৱা ঘটনাত জড়িত বাকীসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

সমান্তৰালকৈ মৃত যুৱকজনৰ পৰিয়ালৰ পৰা ধন দাবী কৰাৰ অভিযোগত বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈক নিলম্বন কৰিছে অসম আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই । ইয়াৰ মাজতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আৰক্ষী থানা জ্বলাই দিয়াৰ দৰে ঘটনা কেতিয়াও সহ্য নকৰে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে । ঘটনাত জড়িত আটাইকেইজন অপৰাধীয়েই উচিত শাস্তি পাব বুলিও তেওঁ মন্তব্য কৰে ।

https://fb.watch/da3y8CcGay/

উল্লেখ্য যে শনিবাৰে এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱাত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । একাংশ লোকে অভিযোগ কৰা মতে আৰক্ষীয়ে যুৱকজনৰ পৰা হাঁহ আৰু দহ হাজাৰ টকা উৎকোচ বিচাৰিছিল । কিন্তু ৰহস্যজনকভাৱে থানাতে যুৱকজনৰ মৃত্যু হয় ।

থানা চৌহদৰ ভিতৰতে মৰিয়াই মৰিয়াই যুৱকজন আৰক্ষীয়ে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । ইয়াৰ পাছতে একাংশ উত্তেজিত লোক থানাত আক্ৰমণ কৰে । আৰক্ষীক প্ৰহাৰ কৰাৰ লগতে থানাত অগ্নিসংযোগ কৰে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে এতিয়াও তীব্ৰ উত্তেজনা অব্যাহত আছে ।

https://www.facebook.com/watch/?v=2519778008157595

- Advertisement -

Hot this week

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

Topics

ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

Related Articles

Popular Categories

Assam
moderate rain
24.1 ° C
24.1 °
24.1 °
97 %
1.2kmh
100 %
Thu
24 °
Fri
24 °
Sat
31 °
Sun
30 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds