31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    গুৱাহাটী প্ৰেছ ক্লাবত উৎপল বাদল বৰুৱাৰ ‘দৃষ্টিভংগী’ শীর্ষক গ্ৰন্থ উন্মোচন

    গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত আজি বিয়লি লেখক তথা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰাক্তন মুখ্য বিমানকোঠ বিষয়া উৎপল বাদল বৰুৱাৰ ‘দৃষ্টিভংগী’ শীর্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক, ‘প্রান্তিক’ আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাই বিশিষ্ট শিল্পী, কটন কলেজৰ প্রাক্তন অধ্যাপক, লেখক ড° সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, যুক্তিবাদী লেখক, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্র, গুৱাহাটী প্রাক্তন সঞ্চালক দেৱকান্ত সন্দিকৈ উপস্থিত থাকে।
    উন্মোচনী ভাষণত প্ৰদীপ বৰুৱাই কয়- ‘দৃষ্টিভংগী’ গ্ৰন্থখনত এটা সুন্দৰ বার্তা আছে। লেখকে জীৱনত পোৱা আনন্দখিনি গ্ৰন্থখনত উল্লেখ কৰিছে। ‘প্ৰান্তিক’ৰ জৰিয়তে লেখকৰ সৈতে আমাৰ পৰিচয়। গ্ৰন্থখনত কেইবাটাও দিশ আছে। কেইবাটাও মূল্যবান লেখা গ্ৰন্থখনত সন্নিবিষ্ট কৰিছে। লেখকে নিজৰ অভিজ্ঞতাৰ কথাও ব্যক্ত কৰিছে। প্রতিজন শিক্ষিত, দায়িত্বশীল লোকে গ্ৰন্থখনপঢ়া উচিত। অসমীয়া জাতিটোক এই গ্ৰন্থখনে বহুখিনি সহায় কৰিব। মই বিশ্বাসকৰোঁ যে দুইলাখ অসমীয়াই সুদীৰ্ঘকাল জাতিটোৰ উত্তৰ ণৰ বাবে কাম কৰি যাব।এইখন এখন অগতানুগতিক গ্ৰন্থ।’ সভাত বিশিষ্ট শিল্পী, কটন কলেজৰ প্রাক্তন অধ্যাপক, লেখক ড° সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, যুক্তিবাদী লেখক, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্র, গুৱাহাটীৰ প্রাক্তন সঞ্চালক দেৱকান্ত সন্দিকৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। বিশিষ্ট কবি, সাংবাদিক মৃদুল হালৈয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত আদৰণি ভাষণ দিয়ে আঁক বাঁক প্ৰকাশনৰ প্ৰকাশক সৌমিত্ৰ যোগীয়ে। অনুষ্ঠানত লেখক উৎপল বাদল বৰুৱাই গ্ৰন্থখনৰ আঁৰৰ কথা কয়। লগতে তেওঁৰ তৃতীয়খন গ্ৰন্থ ‘দৃষ্টিভংগী’ সকলোৱে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে। সভাত বহু সংখ্যক গুণী জ্ঞানী লোক উপস্থিত থাকে।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.