Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল-২০২৪ ৰ সামৰণি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটী: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত জাপান কাৰ্নিভাল -২০২৪ ৰ আজি সন্ধিয়া সামৰণি পৰে। বিশ্ববিদ্যালয়খনৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ উদ্যোগত আৰু জাপান ফাউণ্ডেশন, নতুন দিল্লীৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত জাপানী সংস্কৃতিৰ পৰম্পৰাক উদযাপন কৰাৰ লগতে ভাৰত আৰু জাপানৰ মাজত এক গভীৰ সম্পৰ্ক গঢ়াৰ প্ৰচেষ্টা গ্ৰহণ কৰা হয়। জাপান কৰ্নিভালৰ মাজেৰে জাপানী জীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ পৰিচয় দিয়া হয়, য’ত পৰম্পৰাগত খেলা, ইউকাটা ফেশ্বন (এক পৰম্পৰাগত জাপানী পোচাক), চিনেমা স্ক্ৰীণিং আৰু ক’ছপ্লে অৰ্থাৎ ক’ষ্টিউম আৰু নাটকৰ সংমিশ্ৰন অন্তৰ্ভুক্ত আছিল। ক’স্প্লে হৈছে এক অভিনয়শিল্প য’ত অংশগ্ৰহণকাৰীসকলে জনপ্ৰিয় সংস্কৃতিৰ চাৰা ছবি, এনিমেচন, মাঙ্গা, টিভি চিৰিজ, সংগীত পৰফৰ্মেন্স আৰু ভিডিঅ’ গেমৰ বিভিন্ন চৰিত্ৰৰ ৰূপ লয় আৰু দৃশ্য পৰিসৰিত কৰে। লগতে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জাপানী ভাষাৰ সৰু পাঠদান আগবঢ়ায়, য’ত হিৰাগানা আখৰ আৰু সংখ্যা শিকোৱা হৈছিল। লগতে পৰিয়ালৰ সদস্যৰ নাম আৰু জাপানী ভাষাত শ্ৰেণী কোঠাৰ মৌলিক অভিব্যক্তি প্ৰদৰ্শন কৰাৰ অনুশীলন কৰা হয়।

কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক ইণ্টাৰেক্টিভ কুইজো অনুষ্ঠিত হৈছিল, য’ত জাপানী ইতিহাস, ভূগোল আৰু সংস্কৃতিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। ৮ নৱেম্বৰত শ্ৰীমন্ত শঙ্কৰ একাডেমী ছচাইটিৰ সভাপতি যশোদা ৰঞ্জন দাসৰ অভিবাদন ভাষণৰ দ্বাৰা অনুষ্ঠানৰ আৰম্ভনি হৈছিল। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক কন্দৰ্প দাসে ভাষণ প্ৰসংগত ভাৰত আৰু জাপানৰ মাজৰ মজবুত বন্ধুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ভাৰতত জাপানৰ বিষয়ে অধিক তথ্য লাভৰ এক বিশেষ প্রয়াস ৰূপে ছাত্ৰ-ছাত্ৰীক জাপানী ভাষা আৰু সংস্কৃতিৰ অধ্যয়ন আৰু উদযাপন কৰিবলৈ সুযোগ প্ৰদান কৰিছে।

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ভাগ লৈ নতুন দিল্লীস্থিত জাপানৰ দূতাবাসৰ টাকাছি কোবায়াছি আৰু জাপান ফাউণ্ডেশ্যনৰ সঞ্চালক প্ৰধান কোজি সাটোয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত জাপান দূতাবাসৰ জনসংযোগ আৰু সাংস্কৃতিক বিভাগৰ প্ৰথম সচিব কোবায়াছিয়ে ভাষণ প্ৰসংগত জাপান আৰু ভাৰতৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰে।

- Advertisement -

Hot this week

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.5 ° C
24.5 °
24.5 °
95 %
0.7kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds