31.3 C
Guwahati
Sunday, January 25, 2026
More

    Trending Now:

    বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান

    সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী...

    শেহতীয়া আপডেটঃ

    ইত্যাদি মঞ্চৰ নাট্যসন্ধ্যাত মঞ্চস্থ হ’ল বৰাক-ব্ৰহ্মপুত্ৰ ভিন্ন প্ৰান্তৰ দুখনকৈ নাটক

    ● শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি ইত্যাদি উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা নাট্য সন্ধ্যাত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ নাট্যদল শিলচৰৰ ৰেচ থিয়েটাৰে নাট্যকাৰ ড০ ইন্দ্ৰনীল দে’ৰ ৰচনা আৰু পৰিচালনাৰে “চল কবাদি”আৰু পংকজ গোস্বামাীৰ পৰিচালনা, সুনম দেৱীৰ সহ পৰিচালনাৰে গনেশ গগৈৰ কীলজয়ী নাট “শকুনিৰ প্ৰতিশোধ”।


    প্ৰণৱজ্যেতি নদীয়াল আৰু পূৰ্বালি শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলনত অংশগ্ৰহণ কৰে ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিৱ সুদৰ্শন ঠাকুৰ,নেমকেয়াৰ বাৰ্ন ফাউণ্ডেচনৰ অধ্যক্ষ ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, ভাওনা ৰত্ন প্ৰভাত চন্দ্ৰ বুঢ়া ভকত, বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰ আৰু ইত্যাদি মঞ্চৰ সভাপতি ড০ শিখা বেজবৰুৱা গোস্বামীয়ে।

    এই মঞ্চতে বন্তি প্ৰজলনত অংশগ্ৰহণ কৰা সকলৰ লগতে আন আন আমন্ত্ৰিত বিশিষ্ট অতিথি বৃন্দ ক্ৰমে শিক্ষাবিদ কমলজ্যোতি গগৈ, ত্ৰিপুৰাৰ সমাজ কৰ্মী ৰাকেশ শৰ্মা বৰদলৈ, বিশিষ্ট উদ্যেগপতি ৰাম নাথ তাঁতী, ত্ৰিপুৰাৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা চপন কুমাৰ দে, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গোপা দে আদিক ইত্যাদি মঞ্চৰ তৰফৰ পৰা স্মাৰক আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।


    ইয়াৰ পিছতেই আৰম্ভ কৰা হয় ইত্যাদি মঞ্চই প্ৰথম বাৰৰ আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠান। ইত্যাদি মুখ্য পৃষ্ঠপোষক অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক প্ৰদান কৰা হয় “বৰাক-ব্ৰহ্মপুত্ৰ সমন্বয় বঁটা”। বিশেষ চৰকাৰী ব্যস্ততাৰ বাবে তেখেত নিজ সমষ্টি ধেমাজি থাকিবলগীয়া হোৱা হেতুকে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। ইত্যাদি মঞ্চই তেখেতৰ আৱাসগৃহত এই সন্মানীয় বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰে।
    বিশিষ্ট নাট্যকাৰ,জেষ্ঠ অভিনেতা তথা নাট্যসন্ধ্যাত মঞ্চস্থ হোৱা দুই নাটকৰ পৰিচালক ড০ ইন্দ্ৰনীল দে আৰু পংকজ গোস্বামীলৈ ইত্যাদি মঞ্চই আগবঢ়াই “শিল্পী প্ৰাণ বঁটা”। এই বঁটা প্ৰদান কৰে শ্ৰীম্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিৱ সুদৰ্শন ঠাকুৰ নেমকেয়াৰ বাৰ্ন ফাউণ্ডেচনৰ অধ্যক্ষ ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা আৰু ইত্যাদি মঞ্চৰ বিষয়ববীয়া সকলে।


    প্ৰতিভাবান যুৱভাৱৰীয়া, নাট্যকাৰ, শিক্ষক, সংস্কৃতিৰ গৱেষক ছাত্ৰ চন্দ্ৰমনি গগৈলৈ ইত্যাদি মঞ্চই আগবঢ়ায় “যুৱ প্ৰতিভা বঁটা ২০২৪”। এই বঁটা প্ৰদান কৰে শিক্ষাবিদ কমলজজ্যোতি গগৈ আৰু ইত্যাদি মঞ্চৰ সভাপতি ড০ শিখা বেজবৰুৱা গোস্বামীয়ে।উল্লেখ্য যে চন্দ্ৰমনি গগৈৰ মাতৃ এই বঁটা প্ৰদান অনুষ্ঠানত মঞ্চত উপস্থিত থাকে।
    বঁটা গ্ৰহণকাৰী সকলৰ চমু ভাষণৰ পিছতেই সাৰুৱা ভাষণ প্ৰদান কৰি নাট্যসনন্ধ্যাৰ মঞ্চ মুকলি কৰে বিশিষ্ট অভিনেতা সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক প্রাঞ্জল শইকীয়াই।
    নাট্যসন্ধ্যাৰ প্ৰথম নাটক বাংলা ভাষাত পৰিবেশিত সামাজিক নাট চল কবাদিৰ প্ৰযোজনা ৰেচ থিয়েটাৰ আৰু ৰচনা, নিৰ্দেশনা, আৱহ সংগীত ড০ ইন্দ্ৰনীল দেৰ।বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হৈছে সত্যজিৎ বসু জয়,গোবিন্দ দাস,শচীন কৈৰী(দিজু মনি), ইন্দ্ৰনীল দে অমৰজিৎ পাণ্ডে(কুষ্ণ কলোয়াৰ), প্ৰীতম চক্ৰৱৰ্তী(ৰাজু), সূৰ্যসেন বনীয়া(বিৰিঞ্চি), কৃষ্ণ পাণ্ডে(মহাদেৱ চৌধুৰী), বিশ্বজিৎ দত্ত(অধীৰ মুখাৰ্জী), ঝন্টু দাস(সত্যজিৎ বসু), তথাগত দে(পৰবিন্দৰ সিং)। নাটখনিৰ আলোক আৰু ৰূপসজ্জাৰ দায়িত্বত আছিল সত্যজিৎ বসু জয়। প্ৰয়োগ গোবিন্দ দাস আৰু মঞ্চসজ্জা শচীন কৈৰীৰ।নাটখনিয়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে।


    নাট্যসন্ধ্যাৰ দ্বিতীয় নাট “শকুনিৰ প্ৰতিশোধ”ত অসমীয়া চলচ্ছিত্ৰ,টেলিভিশ্যন ধাৰাবাহিকৰ ওপৰিও ভাওনা জগতৰ বহুকেইজন জেষ্ঠ,কণিষ্ঠ শিল্পীৰ অংশগ্ৰহণেৰে নাট্যসন্ধ্যাদি অনন্য কৰি তোলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পী সকল হৈছে পংকজ গোস্বামী(শকুনি), কংকন বড়া(দুৰ্যোধন), বিপ্লৱ শৰ্মা(শৈল্য), সুকন্যা ফুকন(গান্ধাৰী), ভ্ৰান্তি মেধি(দৌপদী), অন্ভেস্যা প্ৰিয়দৰ্শিনী(পদ্মা), ভৱেশ দাস(ধৃতৰাষ্ট্ৰ), সুৰজিৎ বড়া(যুধিষ্ঠিৰ), প্ৰানজিৎ গায়ন(কৃষ্ণ) অমৃত প্ৰাণ(দুঃশাসন), লুকু কোঁৱৰ(দুঃশাসন), মহেশ্বৰ বড়া(বৈৰাগী), দীল বড়া(অৰ্জ্জুন), নবাৰুণ বড়া(সহদেৱ), দিব্যজ্যোতি ভৰালী(কৰ্ণ), প্ৰেতাত্মা কাল্পনিক চৰিত্ৰত অভিনয় কৰিলে ক্ৰমে জোনমনি ৰয়, অনামিকা টেৰণ, দিশা বৰা, মিনাক্ষী ঠাকুৰীয়া, মনালিছা দাস, কৃঞ্চাক্ষী ডেকা, গুণগুণ ডেকা।শব্দ আৰু সংগীত বানীবন্ধন ৰক্তোৎপল ডিকু ভৰদ্বাজৰ।


    স্মৰণীয় যে নাট্যসন্ধ্যা আয়োজনৰ উদ্দেশ্য জাতি, ভাষা-বৰ্ণ নিৰ্বিশেষে সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে বৰাক-ব্ৰহ্মপুত্ৰ দুয়ো উপত্যকাৰ মাজত ভাতৃত্ববোধৰ চেতনা জাগৃত কৰাৰ লগতে সম্প্ৰীতিৰ এনাজৰীয়ে সকলোকে একত্ৰিত কৰাৰ প্ৰচেষ্টা বুলি ইত্যাদি মঞ্চক সভাপতি ড০ শিখা বেজবৰুৱা গোস্বামীয়ে মন্তব্য কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds