31.3 C
Guwahati
Friday, January 23, 2026
More

    Trending Now:

    বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

    — গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে।...

    শেহতীয়া আপডেটঃ

    আল্লিবাৰী সত্ৰৰ সত্ৰাধিকাৰ–সাহিত্যিক খগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীক স্মৰণ নলবাৰী জিলা সাহিত্য সভাৰ

    ■ নলবাৰী : অতীতৰ ঐতিহ্যৰ ভেটিক নিৰ্ভৰ কৰি জাতি নিৰ্মাণ হয় । সেয়ে ঐতিহ্যক সন্মান জনাব নাজানিলে আমাৰ বিপদ অনিবাৰ্য । ঐতিহ্য বহনকাৰী লোকসকলৰ বিষয়ে জানি–বুজি চামে চামে আগুৱাই যাব লাগিব । তেতিয়াহে আমাৰ জনম সফল হ’ব । নলবাৰী জিলা সাহিত্য সভাৰ পৰম শুভাকাংক্ষী জিলাখনৰ ঐতিহ্যমণ্ডিত গন্ধিয়া গাঁৱৰ আল্লিবাৰী সত্ৰৰ সত্ৰাধিকাৰ, লেখক, বিশিষ্ট সমাজকৰ্মী খগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীৰ স্মৃতি সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণ প্ৰসংগত ৯ মাৰ্চত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই এইদৰে কয় । গল্পকাৰ হিচাপেও বিশেষ পৰিচিতি লাভ কৰা ডাঃ কলিতাই পুনৰ কয় যে ৰূপান্তৰৰ মাজেৰে সংস্কৃতিয়ে নতুনকৈ গঢ় লয় যদিও সংস্কৃতিৰ ঐতিহ্য আৰু গভীৰতাও সকলো সময়তে ৰক্ষা হ’ব লাগিব । গন্ধিয়া গাঁৱৰ আল্লিবাৰী সত্ৰৰ চোতালত নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু স্থানীয় সন্মিলিত শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত সত্ৰাধিকাৰ–লেখক খগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীৰ স্মৃতি সভাখনত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । ভাষণ প্ৰদান কৰি জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে কৰ্মৰ চানেকিৰে জীৱন মহীয়ান হয় । জীৱন বৈচিত্ৰ্যময় আৰু শক্তিশালী হয় আঘাতৰ মৰ্মবেদনাত ।

    প্ৰতিটো আঘাতে মানুহক সলনিও কৰে । হেৰুওৱাত বেদনা আৰু আঘাত পোৱা যায় । কিন্তু সেইবোৰ পাহৰি তাৰপৰা পোৱা শিক্ষাৰে জীৱনক নতুন ৰূপত সজীৱ কৰিব লাগিব বুলিও তেওঁ দোহাৰে । জাতীয় সংস্কৃতিৰ বিজয় ধ্বজা উৰুওৱা সত্ৰাধিকাৰ–লেখক খগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীয়ে নলবাৰী জিলা সাহিত্য সভালৈ আগবঢ়োৱা অৱদানৰ বাবে জিলা সাহিত্য সভাই এইগৰাকী লোকক সদায় স্মৰণ কৰি যাব বুলি নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠান আয়োজনৰ উদ্দেশ্য বিৱৰি কোৱা স্মৃতিসভাখনত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোৱিন্দ কলিতাই মুখ্য অতিথি হিচাপে আৰু নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মাই স্মৃতি তৰ্পক হিচাপে ভাগ লৈ খগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীৰ কৰ্ম জীৱনৰ অতীত মাধুৰী ৰোমন্থন কৰে । গন্ধিয়াৰ সন্মিলিত শাখা সাহিত্য সভাৰ সভাপতি কমল শৰ্মা আৰু বিশিষ্ট সমাজকৰ্মী পৰেশ চক্ৰৱৰ্তীয়েও প্ৰাসংগিক ভাষণ প্ৰদান কৰে । ইয়াৰ পূৰ্বে খগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীৰ পত্নী–সুলেখিকা–ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নীহাৰিকা গোস্বামীয়ে খগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে । ইয়াৰ পাছতে সমাজপ্ৰাণ জোন শৰ্মা, কমল গোস্বামী, ৰূপৰেখা গোস্বামী প্ৰমুখ্যে কেবাগৰাকী লোকে পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিৱেদন কৰে । উল্লেখ্য, জিলাখনৰ ঐতিহ্যমণ্ডিত গন্ধিয়া গাঁৱৰ আল্লিবাৰী সত্ৰৰ সত্ৰাধিকাৰ, লেখক, বিশিষ্ট সমাজকৰ্মী, খগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীৰ ২৪ ফেব্ৰুৱাৰীত ৯০ বছৰ বয়সত দেহাৱসান হৈছিল ৷ দেৱগোস্বামীয়ে গুৱাহাটীৰপৰা প্ৰকাশিত ‘সৃষ্টি’ আৰু ‘অভিজ্ঞান’ আলোচনীৰ সৈতে জড়িত আছিল ৷ নিজৰ কৰ্ম ব্যৱস্থাৰ মাজতে ঐতিহাসিক গন্ধিয়া গাঁৱত মহাপ্ৰভু চৈতন্যদেৱে স্থাপন কৰা ‘আল্লিবাৰী সত্ৰৰ ইতিহাস’, ‘চৈতন্যপন্থীৰ বিৱৰণ’ প্ৰমুখ্যে কেবাখনো গ্ৰন্থও তেওঁ ৰচনা কৰিছিল ৷ তেওঁ অঞ্চলটোৰ বিভিন্ন সামাজিক, ধৰ্মীয়, শৈক্ষিক অনুষ্ঠান–প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ লগতে গন্ধিয়াৰ ঐতিহাসিক আল্লিবাৰী সত্ৰৰ সত্ৰাধিকাৰ হিচাপে দায়িত্ব লৈ পশ্চিম নলবাৰী অঞ্চলৰ ধৰ্মীয়, সামাজিক, বৌদ্ধিক আৰু সাহিত্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকাৰে অঞ্চলটোত শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ অসম সাহিত্য সভাৰ আজীৱন সভ্য, নলবাৰী জিলা সাহিত্য সভাৰ পৰম শুভাকাংক্ষী এইগৰাকী ব্যক্তি গন্ধিয়াৰ সন্মিলিত শাখা সাহিত্য সভাৰ সভাপতিৰদৰে গুৰুত্বপূৰ্ণ পদতো আসীন হৈছিল ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds