31.3 C
Guwahati
Wednesday, December 31, 2025
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    অসম মহিলা উদ্যোগী বঁটা ২০২২ বৰ্ষৰ ঘোষণা :: বিহালীৰ নৱনীতা বৰালৈ শ্ৰেষ্ঠ গাঁৱলীয়া উদ্যোগ বঁটা

    অসম মহিলা উদ্যোগী বঁটা ২০২২ বৰ্ষৰ ঘোষণা :: বিহালীৰ নৱনীতা বৰালৈ শ্ৰেষ্ঠ গাঁৱলীয়া উদ্যোগ বঁটা ::

    বিশ্বনাথ চাৰিআলি ২ জুন ::

    নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলা লগতে আন দহ গৰাকীৰ মহিলাকো সংস্থাপনৰ বাট দেখুওৱা বিশ্বনাথৰ বিহালী উচ্চ শিক্ষিত মহিলা নবনীতা বৰালৈ মন পখিলা নামৰ প্ৰতিভাবান সংস্থাটোৱে অসমৰ উদ্যোগী মহিলা সকললৈ পোন প্ৰথম বাৰৰ বাবে অসম মহিলা উদ্যোগী ২০২২ ৰ বঁটা ঘোষণা কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকী প্ৰতিভাবান উদ্যোগী মহিলালৈ।
    ইয়াৰ ভিতৰত বিশ্বনাথ চাৰিআলি বিহালী সমষ্টিৰ নিজ বিহালী নৱনীতা বৰালৈ সংস্থাটোৱে আগবঢ়াইছে ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ গাঁৱলীয়া উদ্যোগী বঁটা।

    শুভেচ্ছা জনোৱা মূহুৰ্তত দুই সচেতন যুৱক নৱনীতা বৰা
    উল্লেখযোগ্য যে ষ্টাৰ্টআপ ভেঞ্চাৰৰ আৰ্হিত মালবিকা শইকীয়াই মন পখিলা নামেৰে প্ৰতিভাবান মহিলা এটা গোট যোৱা ২০১৯ চনতে জন্ম দি বিভিন্ন প্ৰতিভাক কৰ্মক্ষম কৰিবলৈ গৱেষণা কামত সহায় কৰি আহিছে লগতে কিশ্ম ভেঞ্চাৰ প্ৰা: লি : সংগঠন অধীনত মনস্তাত্বিক তথা মানৱ সম্পদৰ অধীনত মালবিকা শইকীয়াই মন পখিলা নামৰ সংস্থাটো জড়িয়তে সূলভ মডেল বাবে ও কাম কৰি আহিছে যোৱা ৩ টা বছৰে।
    এই সময় চোৱাত উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগী প্ৰতিভাবান মহিলা সকলক আত্মনিয়োগ আৰু স্বনিয়োজক একোটা প্ৰতিভাৰ সৃষ্টি কৰা লগতে মন পখিলা জড়িয়তে মহিলা সকলক বিভিন্ন প্ৰতিভাৰে নিজৰ উদ্যমি গঠন কৰা ক্ষেত্ৰতো সহায় কৰি আহিছে।
    উদ্দেশ্য নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলা লগতে আন দহ গৰাকী মহিলাক আত্ম নিৰ্ভৰশীল কৰি আগুৱাই নিয়াৰ বাবে প্ৰতিভাবান মহিলা সকলক অধিক উৎসাহ দিবলৈ সংস্থাটোৱে পোন প্ৰথম বাৰৰ বাবে চাৰিটা শাখাত বঁটা ঘোষণা কৰিছে। ইয়াৰ শ্ৰেষ্ঠ গাঁৱলীয়া উদ্যোগ অসম মহিলা বঁটা এই বৰ্ষৰ বিশ্বনাথৰ নিজ বিহালী নবনীতা বৰাক প্ৰদান কৰিব বুলি ঘোষণা কৰিছে ।

    এই বঁটা অহা ১১ জুন তাৰিখে গুৱাহাটীৰ প্ৰেছ ক্লাৱত প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে মন পখিলা প্ৰতিষ্ঠাপিকা মালবিকা শইকীয়াই।
    আনহাতে বুধবাৰে অসম
    মহিলা উদ্যোগী বঁটা পাবলৈ সক্ষম হোৱা নৱনীতা বৰাৰ বাসগৃত উখল মাখল পৰিৱেশ। টেলেঙনীয়া দুই সচেতন যুৱক মানস জ্যোতি দাস আৰু প্ৰাণজিৎ দাস নৱনীতা বাসগৃত উপস্থিত হৈ অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে নৱনীতা বৰাই ইয়াৰ পূৰ্বে যোৱা ২২ মেত প্ৰজ্ঞাৰ সাধনা বঁটা ও লাভ কৰিবলৈ সক্ষম হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds