Thursday, July 31, 2025
26.2 C
Guwahati
TOP NEWS:

প্ৰথিতযশা শিল্পী, চিত্ৰ নিৰ্মাতা পুলক গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত তেখেতৰ জীৱন আৰু কৃতী আধাৰিত তথ্যচিত্ৰ প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠান

- Advertisement -

আজি অসমৰ স্বনামধন্য শিল্পী তথা প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা প্ৰয়াত পুলক গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে পুলক গগৈ কালছাৰেল ট্ৰাষ্টৰ উদ্যোগত আৰু জ্যোতি চিত্ৰবন(ফিল্ম ষ্টুডিঅ’) ছ’চাইটীৰ সহযোগত জ্যোতি চিত্ৰবনৰ ৰূদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত অসমৰ খ্যাতিমান কাৰ্টুনিষ্ট, চিত্ৰকৰ তথা বিভিন্ন বঁটাবিভূষিত চিনেমা পৰিচালক পুলক গগৈৰ চিত্ৰকৰ তথা চিনেমা নিৰ্মাতা হিচাপে যি এক বৰ্ণিল আৰু বিস্তৃত জীৱন, তাৰ আধাৰত ‘কেনভাছ অন ৰীলছ’ শীৰ্ষক এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। পুলক গগৈ সুপুত্ৰ, চিনেমা পৰিচালক ৰূপক গগৈৰ পৰিচালনাৰে নিৰ্মিত তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে জ্যোতি চিত্ৰবন(ফিল্ম ষ্টুডিঅ’) ছ’চাইটীয়ে। তথ্যচিত্ৰখনৰ কথাংশ ৰচনা উপাসনা মহন্ত গগৈৰ। সম্পাদনা ৰূপাংকৰ দাসৰ আৰু সংগীত সৌৰভ মহন্তৰ। চিনেমাটোগ্ৰাফী পাপু ডেকাৰ।

অনুষ্ঠানৰ আৰম্ভণীতে আমন্ত্ৰিত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে পুলক গগৈৰ প্ৰতিকৃতিত মাল্যাৰ্পণ,পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতেই প্ৰসিদ্ধ নৃত্যগুৰু উপাসনা মহন্ত গগৈৰ দ্বাৰা সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা হয়।


তথ্যচিত্ৰ প্ৰদৰ্শনৰ অন্তত পুলক গগৈৰদ্বাৰা পৰিচালিত চিনেমাসমুহৰ নিৰ্বাচিত গীতসমুহ পৰিবেশন কৰা হয়। এই পৰিবেশনত কণ্ঠ নিগৰায় ৰাজু আনচাৰি,পাপৰি ঠাকুৰীয়া,ৰূপম ভূঞা,সৌৰভ গোস্বামী,প্ৰণামিকা গোস্বামী,নিলোৎপল গায়ন আৰু কংকনা ভাগৱতীয়ে। তদুপৰি ভাস্কৰ দত্তৰদ্বাৰা একক মেণ্ডোলিন পৰিবেশনো কৰা হয়। অনুষ্ঠানৰ অন্ত পৰে নৃত্যগুৰু উপাসনা মহন্ত গগৈৰ শিষ্যসকলৰ বিবিধ নৃত্য প্ৰদৰ্শনেৰে। ইন্দ্ৰজিত দাসে আঁত ধৰা অনুষ্ঠানটোত অসমৰ সাংস্কৃতিক ক্ষেত্ৰ তথা সংবাদ মাধ্যমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Hot this week

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
few clouds
25.1 ° C
25.1 °
25.1 °
93 %
1.9kmh
15 %
Thu
34 °
Fri
34 °
Sat
32 °
Sun
28 °
Mon
30 °