31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত পদকজয়ী অসমৰ খেলুৱৈক সম্বৰ্ধনা

    গুৱাহাটী● অসম পেৰালিম্পিক সন্থাই সদ্য সমাপ্ত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদকজয়ী ৰাজ্যৰ খেলুৱৈসকলক খানাপাৰাৰ ষ্টাফ কলেজৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনায়৷

    ৰাজ্যৰ আন্তৰ্জাতিক সাঁতোৰ প্ৰশিক্ষক তথা অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে পৰিচালনা কৰা এই অনুষ্ঠানত উপস্থিত থাকে সন্থাৰ সভাপতি চন্দন বৰুৱা, উপ-সভাপতি দোৰ’থি ছুচিয়াং, অসম পেট্ৰ’ কেমিকেলছ লিমিটেডৰ সঞ্চালক জিতু তালুকদাৰ আৰু ইউকো বেংকৰ মাণ্ডলিক কাৰ্যালয়ৰ মুখ্য প্ৰবন্ধক কুকিলা বৰকটকী৷

    উল্লেখ্য যে গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসমে তিনিটা সোণসহ মুঠ আঠটা পদক লাভ কৰিছিল৷ অসমৰ কৃষ্ণা দাসে দুটাকৈ সোণ লাভ কৰাৰ লগতে সূৰ্য শইকীয়াই আনটো সোণ অৰ্জন কৰে৷ ইফালে, ইয়েছমিন খাতুনে তিনিটা ৰূপ তথা ছাজিদা বেগম আৰু প্ৰীতি দাসে এটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.