31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ লৈ গৌৰৱঃঃ বিশিষ্ট লেখক ডঃ সঞ্জীৱ উপাধ্যায় সাহিত্য একাডেমী বঁটাৰ বাবে নিৰ্বাচিত

    বিশ্বনাথ লৈ গৌৰৱঃঃ বিশিষ্ট লেখক ডঃ সঞ্জীৱ উপাধ্যায় সাহিত্য একাডেমী বঁটাৰ বাবে নিৰ্বাচিত

    সাহিত্য একাডেমীয়ে আজি ঘোষণা কৰা অনুবাদ সাহিত্যৰ বাবে বিশ্বনাথৰ গেলাপুখুৰী নিবাসী তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ সঞ্জীৱ উপাধ্যায় সাহিত্য একাডেমী বঁটা-২০২১ৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি বিশেষ সুত্রে জানিব পৰা গৈছে। ডঃ সঞ্জীৱ উপাধ্যায়ে অসমৰ স্বনামধন্য সাহিত্যিক হোমেন ববৰগোহাঞিৰ ‘পিতা পুত্র’ উপন্যাসখন ‘বাবু-ছোৰা’ নেপালী ভাষালৈ অনুবাদ কৰি এই সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। ডঃ উপাধ্যায়ে ইতিমধ্যে প্ৰায় ২০ খন পাঠ্যপুথিৰ উপৰিও অসমীয়া, নেপালী, ইংৰাজী ভাষাত গ্ৰন্থ ২০খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে। বিজ্ঞান বিষয়ক বিভিন্ন লিখনিৰ উপৰিও সাহিত্যৰ ক্ষেত্ৰৰ বিশেষ অৱদান আগবঢ়োৱা ডঃ সঞ্জীৱ উপাধ্যায় লৈ অনুপম চিন্তন মঞ্চ, বিশ্বনাথ জিলা নেপালী সাহিত্য সভা, বিশ্বনাথ নগৰ নেপালী সাহিত্য সভা আদি বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে শুভেচ্ছা জ্ঞাপন কৰিছে৷

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.